peepl-small

ছাংহাই ছবি মহোৎসৱলৈ ‘বেলকনীত ভগৱান’

PUBLISHED:

গুৱাহাটী: ক’ভিডসৃষ্ট জটিল পৰিস্থিতিৰ মাজতে অসমীয়া ছবি জগতলৈ সুখবৰ৷ দুখনকৈ অসমীয়া চলচ্চিত্রই বিদেশৰ দুই সন্মানীয় ছবি মহোৎসৱলৈ নির্বাচিত হৈছে৷ বিশ্বজিৎ বৰা পৰিচালিত ‘বেলকনীত ভগৱান’ (গড অন দ্য বেলকনী) চীনৰ ২৪সংখ্যক ছাংহাই আন্তর্জাতিক ছবি মহোৎসৱৰ পেনোৰামা শাখালৈ নির্বাচিত হোৱাৰ বিপৰীতে উৎপল বৰপূজাৰীৰ ‘শগুন’ নিউয়র্ক ইণ্ডিয়ান ছবি মহোৎসৱত প্রদর্শিত হ’ব৷

উল্লেখ্য যে ২৪সংখ্যক ছাংহাই আন্তর্জাতিক ছবি মহোৎসৱ অহা ১১ জুনৰ পৰা ২০ জুনলৈ অনুষ্ঠিত হোৱাৰ কথা৷ এই ছবি মহোৎসৱখনলৈ নির্বাচিত ‘বেলকনীত ভগৱান’ প্রযোজনা কৰিছে নুৰুল চুলতানে৷

ইফালে, নিউয়র্ক ইণ্ডিয়ান ছবি মহোৎসৱত প্রদর্শিত হ’বলগীয়া চুটি ছবি ‘শগুন’ বিশিষ্ট গল্পকাৰ–সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ একে নামৰ গল্পটোৰ আধাৰত নির্মাণ কৰা হৈছে৷ আই এফ টি ইণ্ডিয়াৰদ্বাৰা প্রযোজিত ‘শগুন’ ৪ৰ পৰা ১৫ জুনলৈ অনুষ্ঠিত ছবি মহোৎসৱখনত প্রদর্শিত হ’বলগীয়া ১৫টা ভাষাৰ ৫৮খন কাহিনী, তথ্য আৰু চুটি চলচ্চিত্রৰ অন্যতম ক’ভিডৰ পৰিপ্রেক্ষিতত এইবাৰ ছবি মহোৎসৱখন অনলাইন হিচাপে পতা হ’ববুলি আয়োজকসকলে জনাইছে৷ গোৱালপাৰাৰ আগিয়া অঞ্চলত বাদুংদুপ্পা কলাকেন্দ্রৰ সহযোগত চিত্রগ্রহণ হোৱা চুটি ছবিখনে বর্তমান সময়ৰ সংবাদ মাধ্যমৰ কিছুমান দিশৰ ওপৰত এক নির্মোহ আলোকপাত কৰিছে৷

RELATED ARTICLES