peepl-small

উত্তৰ প্রদেশৰ ভাৰাঘৰত অক্সিজেন লৈ ক’ভিডৰে যুঁজ অসমীয়া দম্পতীৰ

PUBLISHED:

গুৱাহাটী: ক’ৰোনা মহামাৰীয়ে দেশজুৰি কাল অমানিশা নমাই অনাৰ সময়তে উত্তৰ প্রদেশৰ নয়দাত থকা চৰকাৰী–বেচকাৰী চিকিৎসালয়সমূহত ক’ভিড–১৯ত আক্রান্ত ৰোগীক আসন প্রদান কৰিব নোৱৰা অৱস্থাৰ সৃষ্টি হৈছে৷ নয়দাৰ চিকিৎসালয়সমূহত ভর্তি কৰাব নোৱাৰা ক’ভিড–১৯ত আক্রান্ত প্রবাসী অসমীয়াক অভিভাৱকসকলে নিজ নিজ ভাৰাঘৰতে অক্সিজেন দি ৰাখিবলগীয়া হোৱাৰ এটা ভয়াৱহ ঘটনা পোহৰলৈ আহিছে৷ কর্মসূত্রে নয়দাত থকা প্রবাসী অসমীয়াৰ জীৱনলৈ ক’ৰোনাৰ কাল অমানিশাই অন্ধকাৰ নমাই আনিছে৷

উল্লেখ্য যে কর্মসূত্রে উত্তৰ প্রদেশৰ নয়দাত থকা উজনি অসমৰ ডিব্রুগডৰ বিষ্ণু নগৰৰ উৎপল হাজৰিকা (৪০) আৰু তেওঁৰ পত্নী প্রীতিৰূপা হাজৰিকা (৩৬)ৰ দেহত পাঁচ দিন পূর্বে ক’ভিড–১৯ পজিটিভ ধৰা পৰাৰ পিছত চিকিৎসকে দুয়োকে হোম কোৱাৰেণ্টাইন কৰাৰ পিছতে দুয়োৰে স্বাস্থ্যৰ অৱনতি ঘটাৰ পিছতো চিকিৎসালয়ত আসনৰ অভাৱৰ কথা দোহাই দি চিকিৎসকে দুয়োকে চিকিৎসালয়ত ভর্তি নকৰোৱা বুলি অভিযোগ উঠিছে৷ ক’ভিড–১৯ত আক্রান্ত হৈ অক্সিজেনৰ মাত্রা হ্রাস পোৱাৰ তথ্য চিকিৎসালয় কর্তৃপক্ষক অৱগত কৰাৰ পিছতো বিগত চাৰি দিনে প্রবাসী অসমীয়া দম্পতীটোক চিকিৎসালয়ত ভর্তি কৰোৱাৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ উঠিছে৷

সম্প্রতি নয়দাৰ এটা ভাৰাঘৰতে বিগত চাৰি দিন ধৰি ক’ভিড–১৯ৰ উন্নত চিকিৎসা অবিহনে প্রবাসী অসমীয়া দম্পতীটোৱে চিকিৎসক–নার্ছৰ অনুপস্থিতিত অক্সিজেন লৈ থাকিবলগীয়া হৈছে৷ ক’ভিড–১৯ত আক্রান্ত প্রবাসী অসমীয়া দম্পতীটোৰ দুই সন্তান ক্রমে হর্ষবর্ধন হাজৰিকা (৫) আৰু গৌৰীপ্রিয়া হাজৰিকা (২) নয়দাৰ ভাৰাঘৰটোতে আবদ্ধ হৈ থকা বুলি জানিব দিছে৷ কণ কণ সন্তান দুটিয়ে পিতৃ–মাতৃৰ দুৰৱস্থা প্রত্যক্ষ কৰি ভাগি পৰা বুলি জানিবলৈ দিয়াৰ লগতে বজাৰত চৰাদৰত ক্রয় কৰি অনা চিকিৎসাজনিত অক্সিজেন চিলিণ্ডাৰটো যিকোনো মুহূর্ততে শেষ হ’ব পাৰে বুলি জনাইছে৷ উল্লেখ্য যে ক’ভিড–১৯ত আক্রান্ত প্রবাসী দম্পতীটোৰ দুই সন্তানৰ সৈতে উত্তৰ প্রদেশৰ নয়দাৰFlat No 64-D Block E-3,Shatatabdi Vihar, SECTOR – ৫২ ভাৰাঘৰত আবদ্ধ হৈ আছে৷

RELATED ARTICLES