peepl-small

পৰিস্থিতি স্পর্শকাতৰঃ অসমতো ট্রিপ্ল মিউটেণ্টৰ সংক্রমণৰ শংকা স্বাস্থ্যমন্ত্রীৰ

PUBLISHED:

গুৱাহাটীঃ  অসমৰ ক’ৰোনা পৰিস্থিতি স্পর্শকাতৰ হৈ পৰিছে৷ ৰাজ্যত এতিয়াও ট্রিপ্ল মিউটেণ্ট ক’ভিডৰ সংক্রমণ হোৱা বুলি আই চি এম আৰে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগক জনোৱা নাই যদিও ইয়াৰ সংক্রমণৰ শংকা অস্বীকাৰ কৰা নাই স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ দেওবাৰে সংবাদ মাধ্যমৰ আগত মন্ত্রী ড০ শর্মাই কয় যে ট্রিপ্ল মিউটেণ্ট ক’ভিডৰ সংক্রমণ পশ্চিমবংগত হৈছে৷ পশ্চিমবংগ যিহেতু অসমৰ ওচৰতে, সেয়ে অসমলৈও ট্রিপ্ল মিউটেণ্ট ক’ভিডৰ সংক্রমণ নাহিব বুলি ক’ব নোৱাৰি৷ অৱশ্যে এতিয়ালৈ আই চি এম আৰে অসমত ট্রিপ্ল মিউটেণ্ট ক’ভিড অহাৰ কোনো তথ্য লাভ কৰা নাই৷ যেতিয়াই তেওঁলোকে নমুনা পৰীক্ষাৰ গৱেষণাত সেই তথ্য লাভ কৰিব, তেতিয়াই ৰাজ্য চৰকাৰক জনাব৷ চিকিৎসকে ৰোগীৰ লক্ষণ চাই চিকিৎসা সেৱা আগবঢ়ায়৷

ইপিনে, ৰাজ্যখনত ক’ভিডৰ সংক্রমণ চলি থাকিলেও যোৱাবাৰৰ দৰে এইবাৰো অতি ক্ষিপ্রতাৰে ক’ভিড পৰিস্থিতি নিয়ন্ত্রণ কৰিব পৰা যাব বুলি উল্লেখ কৰি তেওঁ কয় যে চৰকাৰে এতিয়ালৈ লকডাউনৰ প্রয়োজনীয়তাৰ কথা ভবা নাই৷ লকডাউনৰ প্রয়োজনীয়তা সন্মুখত আহি পৰা নাই৷ ক’ভিড পৰিস্থিতিৰ মুখামুখি হ’বলৈ ৰেমডেচিভিৰ ইনজেকচন, অক্সিজেন, বিছনাৰ কোনো নাটনি হোৱা নাই৷ সেয়ে অসমত লকডাউনৰ পৰিৱেশ অহাৰ সম্ভাৱনা অত্যন্ত কম৷ শিক্ষানুষ্ঠানৰ পাঠদানৰ প্রসংগত তেওঁ কয় যে ১০০ ক’ভিড ৰোগী ওলোৱা জিলাসমূহত প্রাক্–প্রাথমিকৰ পৰা পঞ্চম শ্রেণীলৈ পাঠদান ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে৷ ষষ্ঠ শ্রেণীৰ পৰা ওপৰৰ শ্রেণীসমূহ ৫০ শতাংশ ছাত্র–ছাত্রীৰ উপস্থিতিৰে চলোৱাৰ ব্যৱস্থা কৰা হৈছে৷ অহা ২ মে’ পর্যন্ত এই ব্যৱস্থাৰে শিক্ষানুষ্ঠানসমূহ চলিব বুলি তেওঁ আশা প্রকাশ কৰে৷

RELATED ARTICLES