নতুন শিক্ষানীতিৰ আধাৰত অসমৰ কলেজসমূহৰ পৰা উচ্চতৰ মাধ্যমিক শ্রেণী পর্যায়ক্রমে আঁতৰোৱা হ’ব৷ ইয়াৰ বিপৰীতে হাইস্কুলসমূহ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হ’ব৷ অৱশ্যে হাইস্কুল উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰাৰ সময়ত শিক্ষাৰ অধিকাৰ আইন অনুসৰি ৭ কিলোমিটাৰ ব্যাসার্ধৰ ভিতৰতহে একোখন উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপন কৰা হ’ব৷
বিধায়ক নন্দিতা গার্লোছা আৰু জয়ন্ত বসুমতাৰীয়ে উত্থাপন কৰা এক প্রসংগৰ আঁত ধৰি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে মঙলবাৰে সদনত এই মন্তব্য কৰি কয় যে ইতিমধ্যে অসমত নতুন শিক্ষানীতি ৰূপায়ণৰ প্রক্রিয়া আৰম্ভ হৈছে৷ নতুন শিক্ষানীতিৰ আধাৰত প্রতিখন জিলাতে একোখনকৈ বিশ্ববিদ্যালয় স্থাপন হ’ব বুলি জনায় শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷