peepl-small

অবৈধ কাঠমিল–দোকান ক্রেছাৰৰ ছিণ্ডিকেটৰ বাবে বিপুল বন ৰাজহ লোকচান

PUBLISHED:

গুৱাহাটীঃ বন বিভাগৰ বাবে অবৈধ বুলি বিবেচিত সকলো কার্যকলাপেই এতিয়া বৈধ হয় দক্ষিণ কামৰূপ বন সংমণ্ডলত৷  উক্ত সংমণ্ডলৰ শীর্ষ বিষয়াৰ ছত্রছায়াত অব্যাহত থকা অবৈধ কাঠ আৰু শিল–বালিৰ ছিণ্ডিকেটৰ বাবেই প্রতিমাহে বৃহৎ পৰিমাণৰ ৰাজহৰ পৰা বঞ্চিত হৈছে বন বিভাগ৷ বাইহাটা–ৰঙিয়া–নলবাৰীৰ একাংশ অসাধু কাঠ ব্যৱসায়ীক লৈ গঠিত এই ছিণ্ডিকেট চক্রটোৱে এতিয়া দৰং–কামৰূপ–নলব্ আদি জিলাত অব্যাহত ৰাখিছে চোৰাং বার্মিজ আৰু অৰুণাচলী কাঠৰ অবৈধ বেহা৷ কোনো বৈধ নথি অবিহনে ছিণ্ডিকেট চক্রটোক    মাহিলি ভিত্তিত গুণ্ডাকৰ সংগ্রহ কৰি আহিছে ডিমাপুৰ–ৰুণাচলৰ পৰা অহা চোৰাং কাঠৰ ট্রাক–দোকান আৰু অবৈধ কাঠফলা মিলৰ পৰা৷ এই সমগ্র গুণ্ডাকৰ সংগ্রহ অভিযান সংমণ্ডলটোৰ শীর্ষ বন বিষয়াজনৰ পৃষ্ঠপোষকতাতে অব্যাহত থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷

অভিযোগ অনুসৰি বৰপেটাত ১৮০টা, নলবাৰীত ১২৭টা, হাজোত ৩৪টা, চিলাত ২৫টা, মঙলদৈত ৪৩টা অবৈধ কাঠফলা মিল আছে৷ এই প্রতিটো মিলৰ পৰা মাহে ৪,০০০কৈ টকা গুণ্ডাকৰ হিচাপে ছিণ্ডিকেট চক্রটোৱে আদায় কৰে বুলি অভিযোগত প্রকাশ৷ আনহাতে সমগ্র বন সংমণ্ডলটোত প্রায় ৩০০খন কাঠৰ দোকান আছে৷ এই কাঠৰ দোকানসমূহৰ অধিকাংশ কাঠেই নথি–পত্রবিহীন চোৰাং কাঠ বুলি অভিযোগত প্রকাশ৷ অভিযোগ মতে এই দোকানসমূহৰ পৰা ছিণ্ডিকেট চক্রটোৱে মাহিলি ৩,০০০ টকাকৈ আদায় কৰি আহিছে৷

একেদৰে সংমণ্ডলটোৰ অধীনত থকা বৰপেটাত ২০টা, নলবাৰীত ৮টা, ৰঙিয়াত ৮টা, দৰঙত ১০টা আৰু চিলাত ২০টা অবৈধ শিল ভঙা ক্রেছাৰ মেচিন আছে৷ এই ক্রেছাৰ মেচিনসমূহৰ পৰা ছিণ্ডিকেট চক্রই মাহিলি ২০–৩০ হাজাৰ টকাকৈ আদায় কৰে বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ বাইহাটাৰ জনৈক কাজি উপাধিৰ কাঠ মাফিয়াই এই ছিণ্ডিকেট চক্রটোৰ নেতৃত্ব দিয়াৰ লগতে সংমণ্ডলৰ শীর্ষ বন বিষয়াৰ হৈ ৰঙিয়াৰ কার্যালয়ৰ জনৈক আহমেদ উপাধিৰ এজন কর্মচাৰীয়ে গুণ্ডাকৰ সংগ্রহ কৰে বুলি প্রকাশ পাইছে৷

এই আহমেদ উপাধিৰ কর্মচাৰীজনে প্রতিজন বীট অফিচাৰৰ পৰাও পৃথকে শীর্ষ বন বিষয়াৰ নামত ধন আদায় কৰাৰ অভিযোগ আছে৷ এনে চোৰাং কাঠ আৰু ক্রেছাৰ মেচিনৰ বাবেই এতিয়া এই বৃহৎ বন সংমণ্ডলটোত প্রাপ্য ৰাজহ সংগ্রহত ব্যর্থ হোৱা বুলি অভিযোগত প্রকাশ৷ ইতিমধ্যে চৰকাৰ সলনি হোৱাৰ পাছত সংবাদ মাধ্যমক দেখুৱাবলৈ শীর্ষ বন বিষয়াৰ নেতৃত্বত একাংশ গুণ্ডাকৰ আদায় নিদিয়া কাঠ ব্যৱসায়ীৰ দোকানত তালাচী অভিযান চলিছে যদিও সেয়া বাহিৰত দেখুৱাবলৈ বুলিহে বিভাগতে চর্চিত হৈছে৷ এই ছিণ্ডিকেটৰ অবৈধ ধনেৰে বন বিভাগৰ শীর্ষ বিষয়াই নামে–বেনামে সম্পত্তিৰ পাহাৰ গঢ়াৰ অভিযোগ উত্থাপন হৈছে৷

অভিযোগ উত্থাপিত এই বিষয়াসকলৰ সম্পত্তিৰ সঠিক তদন্ত আৰম্ভ হ’লে প্রকৃত তথ্য পোহৰলৈ আহিব বুলি অভিযোগকাৰীয়ে মন্তব্য প্রকাশ কৰিছে৷ ইতিমধ্যে দক্ষিণ কামৰূপ বন সংমণ্ডলত অব্যাহত থকা অবৈধ ছিণ্ডিকেট আৰু মাফিয়াৰাজৰ ন ন তথ্য পোহৰলৈ আহিছে৷ এই তথ্যসমূহ প্রকাশ পালে ছিণ্ডিকেট চক্র আৰু শীর্ষ বন বিষয়াৰ গোপন লেনদেন উন্মোচিত হৈ পৰিব৷ সবাতোকৈ গুৰুত্বপূর্ণ বিষয়টো এই যে ৰাজ্যখনৰ অর্থনৈতিক দুৰৱস্থাৰ সময়ত এনে অবৈধ ছিণ্ডিকেটৰ বাবে এতিয়া বৃহৎ ৰাজহৰ পৰা ৰাজকোষ বঞ্চিত হোৱাটো এক অর্থনৈতিক অপৰাধ হিচাপে পৰিগণিত হৈছে৷

RELATED ARTICLES