peepl-small

ৰাজ্যত অব্যাহত কৰোনাৰ সংক্ৰমণঃ নতুনকৈ আক্ৰান্ত ৩,০৪৫জন, মৃত্যু ২২জনৰ

PUBLISHED:

গুৱাহাটীঃ ৰাজ্যত দ্রুতগতিত ক’ৰোনা সংক্রমণ বৃদ্ধি পাই আছে৷ বুধবাৰে পুনৰ ৩,০৪৫জন লোক ক’ৰোনাত আক্রান্ত হয়৷ আক্রান্তৰ হাৰ হ’ল ৫.৪৯ শতাংশ৷ উল্লেখ্য যে বুধবাৰে সমগ্র ৰাজ্যত ৫৫,৪৮০জন লোকৰ ক’ভিড টেষ্ট কৰা হৈছিল৷ এইসকলৰ ভিতৰত ৩,০৪৫জন পজিটিভ চিনাক্ত হয়৷ আক্রান্তসকলৰ ১,২০৬জন কামৰূপ মহানগৰ জিলাৰ, ২২৯জন ডিব্রুগড় জিলাৰ, ২২৫জন কামৰূপ জিলাৰ আৰু ১২৫জন নগাঁও জিলাৰ৷

ক’ৰোনাৰ সংক্রমণ বৃদ্ধিৰ সমান্তৰালকৈ মৃত্যুৰ সংখ্যাও বৃদ্ধি হৈছে৷ 

ইফালে বুধবাৰে ক’ৰোনাত আক্রান্ত হৈ ২২জন লোকৰ মৃত্যু হৈছে৷ মৃত্যু হোৱা লোকসকলৰ ৬জন কামৰূপ মহানগৰ জিলাৰ, তিনিজন বৰপেটা জিলাৰ, তিনিজন কামৰূপ জিলাৰ, দুজন যোৰহাট জিলাৰ, এজনকৈ কাছাৰ, চৰাইদেউ, কার্বি আংলং, তিনিচুকীয়া আৰু লখিমপুৰ জিলাৰ৷ আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে যদিও আজি ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ৰ পৰা ক’ৰোনামুক্ত হৈ ১,০৯৮জন লোক ঘৰমুৱা হৈছে৷ অৱশ্যে এতিয়াও চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ২১,৮৪৮জন লোক৷

RELATED ARTICLES