peepl-small

ৰাজ্যজুৰি তীব্ৰতৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান

PUBLISHED:

গুৱাহাটীঃ যুৱ প্ৰজন্মক অন্ধকাৰৰ কৰাল গ্ৰাসলৈ নিক্ষেপ কৰা ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰিছে। বিগত কেইটামান দিনতে ৰাজ্যৰ বিভিন্ন জিলাত জালত পৰিছে ড্ৰাগছ ব্যৱসায়ী আৰু সৰবৰাহকাৰী।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে প্ৰকাশ কৰা অনুসৰি নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই ২৭ মে’লৈকে ৩৮ জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। ৰুজু কৰা হৈছে ২৫ টাকৈ গোচৰ।
আৰক্ষীয়ে বিভিন্ন ঠাইৰ পৰা ৫২৬.৬১ গ্ৰাম হেৰ’ইন, ৫ কেজি গাঞ্জা, ৫৯ বটল কফ ছীৰাপ, নিচাযুক্ত টেবলেট ৩৪,৮০০ টা, ৭ গ্ৰাম মৰফিন জব্দ কৰে।
ইফালে নগদ ধন ৩ লাখ ৮৯ হাজাৰ ৬৭০ টকা জব্দ কৰা হৈছে।

RELATED ARTICLES