peepl-small

১০ তাৰিখে ১৩ লাখক বৃদ্ধ পেন্সন–১.৭০ লাখে পাব বিধৱা পেন্সন

PUBLISHED:

গুৱাহাটীঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত বুধবাৰে জনতা ভৱনত অনুষ্ঠিত অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকে প্রশাসনীয় সংস্কাৰৰ ক্ষেত্রত কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে৷ কেবিনেট বৈঠকখনৰ আৰম্ভণিতেই গোসাঁইগাঁও সমষ্টিৰ বিধায়ক মাজেন্দ্র নার্জাৰীৰ বিয়োগত শোক প্রকাশ কৰি আজিৰ কেবিনেটে দুই মিনিট সময় মৌনতা অৱলম্বন কৰে৷ কেবিনেটে সম্পূর্ণ চৰকাৰী মর্যাদাৰে প্রয়াত বিধায়কগৰাকীৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰাৰ সিদ্ধান্ত লয়৷ তদুপৰি মন্ত্রী পৰিমল শুক্লবৈদ্য আৰু উর্খাও গৌৰা ব্রহ্মক আজি প্রয়াত বিধায়কগৰাকীৰ গৃহলৈ গৈ অসম চৰকাৰৰ হৈ শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰিবলৈ কেবিনেটে দায়িত্ব অর্পণ কৰে৷

ইপিনে কেবিনেট বৈঠকৰ পাছতেই কেবিনেটৰ মুখপাত্র মন্ত্রী পীয়ূষ হাজৰিকাই এখন সংবাদ মেলযোগে সিদ্ধান্তসমূহ সদৰী কৰি কয় যে কুশল কোঁৱৰ সার্বজনীন বৃদ্ধ পেন্সন আঁচনি, ইন্দিৰা মিৰি সার্বজনীন বিধৱা পেন্সন আঁচনি আৰু দীনদয়াল দিব্যাংগ যোজনাৰ বাবে বিত্তীয় অনুমোদন বিচাৰি বিত্ত বিভাগলৈ এতিয়াৰ পৰা কোনো ফাইল প্রেৰণ কৰাৰ প্রয়োজন নাথাকিব৷ সংশ্লিষ্ট বিভাগৰ জ্যেষ্ঠতম সচিবগৰাকীয়ে নিজাববীয়াকৈ এই ধন হিতাধিকাৰীক মোকলাই দিব পাৰিব৷ এই আঁচনি তিনিখনৰ হিতাধিকাৰীয়ে এতিয়াৰে পৰা প্রতি মাহৰ ১০ তাৰিখে বেংক একাউণ্টযোগে প্রাপ্য ধন লাভ কৰিব৷ পূর্বতে বিভাগে বিত্ত বিভাগলৈ ফাইল প্রেৰণ কৰিবলগীয়া হৈছিল৷

ইয়াৰ ফলত প্রক্রিয়াটো দীঘলীয়া হৈ গৈছিল৷ প্রক্রিয়াটো সংক্ষিপ্ত কৰাৰ বাবেই আজিৰ কেবিনেটে এই সংস্কাৰৰ ব্যৱস্থা কৰে৷ এতিয়াৰে পৰা প্রতিমাহৰ ১০ তাৰিখে কুশল কোঁৱৰ বৃদ্ধ পেন্সন আঁচনিৰ ১৩ লাখ হিতাধিকাৰীয়ে মাহে ২৫০ টকা, ইন্দিৰা মিৰি বিধৱা পেন্সন আঁচনিৰ ১.৭০ লাখ হিতাধিকাৰীয়ে মাহে ৩০০ টকা আৰু দীনদয়াল বিদ্যাংগ যোজনাৰ ১.৬০ লাখ হিতাধিকাৰীয়ে মাহে এহাজাৰ টকা লাভ কৰিব৷ পূর্বতে এই আঁচনিৰ হিতাধিকাৰীয়ে ধন লাভ কৰাৰ নির্দিষ্ট তাৰিখ নাছিল৷ কেতিয়াবা দুই–তিনি মাহৰ মূৰতহে হিতাধিকাৰীয়ে সেই ধন লাভ কৰিছিল৷ এতিয়া সমগ্র প্রক্রিয়াটো সংক্ষিপ্ত কৰাৰ ফলস্বৰূপে প্রতিমাহে ১০ তাৰিখৰ ভিতৰত নিজ নিজ একাউণ্টত সেই ধন লাভ কৰিব৷

একেদৰে এই কেবিনেটে বড়োলেণ্ড কল্যাণ বিভাগ নামেৰে সুকীয়া বিভাগ সৃষ্টি কৰাত অনুমোদন জনায়৷ পূর্বতে এই বিভাগ সংক্রান্তীয় কাম–কাজ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্রেণীৰ কল্যাণ বিভাগৰ অধীনস্থ আছিল৷ একেদৰে কোকৰাঝাৰত বড়োলেণ্ড প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয় স্থাপন কৰাৰ প্রস্তাৱতো আজিৰ কেবিনেটে অনুমোদন জনায়৷ এই কাম তৎকালে আৰম্ভ কৰিবলৈ আৰু চৰকাৰী ভৱন নাথাকিলে প্রয়োজন সাপেক্ষে ভাৰাঘৰৰ পৰাই এই মহাবিদ্যালয়ৰ কাম–কাজ আৰম্ভ কৰিবলৈ চৰকাৰে সিদ্ধান্ত গ্রহণ কৰে৷

ইফালে আজিৰ কেবিনেটে জিলা প্রশাসনক অভিভাৱক মন্ত্রীসকলৰ দায়িত্ব আৰু কর্তব্য সম্পর্কত সুনির্দিষ্ট নীতি–নির্দেশনাত কেবিনেটে অনুমোদন জনোৱাৰ লগতে মন্ত্রীসকলক দায়িত্ব দিয়া জিলাৰ তালিকাও প্রকাশ কৰে৷ সেই অনুসৰি মন্ত্রী ৰঞ্জিত কুমাৰ দাসক বঙাইগাঁও, ধুবুৰী, বৰপেটা জিলাৰ দায়িত্ব দিয়া হৈছে৷ মন্ত্রী অতুল বৰাক ডিব্রুগড় আৰু তিনিচুকীয়া, উর্খাও গৌৰা ব্রহ্মক বাক্সা আৰু চিৰাং, চন্দ্রমোহন পাটোৱাৰীক দৰং, কামৰূপ আৰু কামৰূপ মেট্র’, পৰিমল শুক্লবৈদ্যক কৰিমগঞ্জ, হাইলাকান্দি, হোজাই জিলাৰ দায়িত্ব দিয়া হৈছে৷

মন্ত্রী কেশৱ মহন্তক গোলাঘাট আৰু মৰিগাঁও, ডাঃ ৰণোজ পেগুক যোৰহাট আৰু শিৱসাগৰ, অশোক সিংঘলক কোকৰাঝাৰ, ওদালগুৰি আৰু কাছাৰ, যোগেন মহনক পশ্চিম কার্বি আংলং, কার্বি আংলং আৰু ডিমা হাছাও, সঞ্জয় কিষাণক ধেমাজি আৰু লখিমপুৰ জিলাৰ দায়িত্ব দিয়া হৈছে৷ মন্ত্রী অজন্তা নেওগক নলবাৰী, গোৱালপাৰা আৰু দক্ষিণ শালমাৰা, পীয়ূষ হাজৰিকাক নগাঁও, শোণিতপুৰ, বিশ্বনাথ আৰু বিমল বৰাক মাজুলী, চৰাইদেউ আৰু বজালী জিলাৰ দায়িত্ব দিয়া হৈছে৷

এইসকল অভিভাৱক মন্ত্রীৰ দায়িত্ব আৰু কর্তব্য সম্পর্কত মন্ত্রী হাজৰিকাই কয় যে দায়িত্বপ্রাপ্ত মন্ত্রীসকলে সংশ্লিষ্ট জিলাত চৰকাৰী নীতি ৰূপায়ণৰ লগতে প্রশাসনীয় সংস্কাৰ আৰু অন্যান্য জনকল্যাণমুখী আঁচনিসমূহ ৰূপায়ণ কৰিব৷ কেন্দ্রীয় সাহায্যপ্রাপ্ত আঁচনি আৰু ৰাজ্য চৰকাৰৰ নিজা অগ্রাধিকাৰ কার্যসূচীৰ ৰূপায়ণৰ পর্যালোচনা কৰাৰ লগতে জনসাধাৰণক তৎকালে ন্যায় আৰু সিদ্ধান্ত প্রদানৰ দায়িত্বত থাকিব৷ অভিভাৱক মন্ত্রীসকলক এইক্ষেত্রত সহায়ৰ বাবে প্রত্যেকখন জিলাতে একোজনকৈ সচিব নিয়োগ কৰা হ’ব৷ সচিব পর্যায়ৰ বিষয়াক সেই পদত নিয়োগ কৰা হ’ব৷ অভিভাৱক মন্ত্রীয়ে প্রতিমাহে কমেও এবাৰ দায়িত্ব থকা জিলালৈ যাব লাগিব৷

প্রাকৃতিক দুর্যোগকে ধৰি জৰুৰীকালীন অৱস্থাত মাহেকত অধিক দিন সংশ্লিষ্ট জিলালৈ যাব লাগিব৷ সেই সময়ত তেওঁলোকে কমেও এটা ৰাজহ চক্র পৰিদর্শন কৰিব লাগিব৷ জিলাসমূহ পৰিদর্শনৰ পাছত তেওঁলোকে মুখ্যমন্ত্রীক প্রতিবেদন দাখিল কৰিব লাগিব৷ তদুপৰি অভিভাৱক মন্ত্রীসকলে ভাল কাম কৰা, বিশেষ পাৰদর্শিতা প্রদর্শন আদিৰ ক্ষেত্রত পুৰস্কাৰৰ বাবে অনুমোদন দিয়া, জিলা প্রশাসন আৰু বিভাগৰ সহযোগত ভিজন ডকুমেণ্ট প্রস্তুত কৰা, আন্তঃগাঁথনি উন্নয়নৰ বাবে পৰিকল্পনা যুগুতোৱা, জিলাখনৰ উৎস অনুসৰি নিবনুৱাক সংস্থাপনৰ বাবে পৰিকল্পনা যুগুতোৱাৰ বাবেও দায়িত্ব দিয়া হৈছে৷ সংবাদ মেলখনত মন্ত্রী হাজৰিকাৰ লগতে কেবিনেটৰ আন দুই মুখপাত্র মন্ত্রী কেশৱ মহন্ত আৰু মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাও উপস্থিত থাকে৷

দৈনিক ১০ হাজাৰ আক্ৰান্ত হ’লে দিল্লীৰ দৰে পৰিৱেশ হ’ব অসমতঃ ড০ হিমন্ত বিশ্ব শৰ্মা

 

১০ দিনত ৰাজ্যত উন্নত হ’ব ক’ভিড পৰিস্থিতি: মুখ্যমন্ত্রী

RELATED ARTICLES