peepl-small

১০ দিনৰ পিছত মিজোৰাম সীমান্তত নিহত শ্বহীদসকলৰ বাবে দুখ প্ৰকাশ মিজোৰাম চৰকাৰৰ

PUBLISHED:

১০দিনৰ পিছত মিজোৰাম সীমান্তত নিহত শ্বহীদ সকলৰ বাবে দুখ প্ৰকাশ কৰিলে মিজোৰাম চৰকাৰে। ঘটনাত দুখ প্ৰকাশ কৰি মিজোৰাম চৰকাৰে শ্বহীদ পৰিয়াললৈ সমবেদন জ্ঞাপন কৰে।

অসম-মিজোৰামৰ সীমা বিবাদ মীমাংসাৰ বাবে আজি আইজলত অনুষ্ঠিত হোৱা বৈঠকৰ ইতিমধ্যে সফল সমাপ্তি ঘটিছে। এই বৈঠকত অসমৰ হৈ ভাগ লয় দুই মন্ত্ৰী অতুল বৰা আৰু অশোক সিংহল। দুয়োগৰাকী মন্ত্ৰীৰ লগত বৈঠকত উপস্থিত থাকে অসমৰ সীমা সুৰক্ষাৰ আয়ুক্ত সচিব জি ডি ত্ৰিপাথি।

মিজোৰামৰ তৰফৰ পৰা আলোচনাত বহে গৃহমন্ত্ৰী লালচাম লিয়ানা, ৰাজহ মন্ত্ৰী লালৰোৱাতকিমা। অসমৰ প্ৰতিনিধি দলটোৱে মিজো ছাত্ৰ সংগঠন MZPৰ প্ৰতিনিধি দলৰ সৈতেও আলোচনাত মিলিত হয়।

ইপিনে এই বৈঠকৰ পাছতে জাৰি কৰা হৈছে দুই চৰকাৰৰ যৌথ বিজ্ঞপ্তি। বৈঠকৰ পাছত দুই চৰকাৰে সীমান্তৰ বিবাদ নিষ্পত্তি আৰু সংঘাত দূৰীকৰণৰ বাবে সকলো ব্যৱস্থা লবলৈ ঐক্যমতত উপনীত হয়।

দুইখন ৰাজ্যই সীমান্তৰ পৰা নিজৰ সুৰক্ষা বাহিনী আতৰাই আনিবলৈ সন্মত হয়। বিবাদমান অঞ্চলত সম্পূৰ্ণ নিৰাপত্তাৰ দায়িত্বত থাকিব কেন্দ্ৰীয় নিৰপেক্ষ সুৰক্ষা বাহিনীৰ ওচৰত।

দুই ৰাজ্যৰ ফালৰ পৰা বন কিম্বা তহলদাৰী ব্যৱস্থা নাথাকিব। কোনোপক্ষই বিবাদমান অঞ্চলত নতুনকৈ নিৰাপত্তা বাহিনীৰ মকৰলৰ ব্যৱস্থা নকৰে। লগতে অসমৰ কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ আৰু মিজোৰামৰ মামি আৰু কালাছি জিলাত এই সিদ্ধান্ত বাহাল থাকিব।

নিয়মীয়া বাৰ্তা ৫ আগষ্টঃ ১০দিনৰ পিছত মিজোৰাম সীমান্তত নিহত শ্বহীদ সকলৰ বাবে দুখ প্ৰকাশ কৰিলে মিজোৰাম চৰকাৰে। ঘটনাত দুখ প্ৰকাশ কৰি মিজোৰাম চৰকাৰে শ্বহীদ পৰিয়াললৈ সমবেদন জ্ঞাপন কৰে।

অসম-মিজোৰামৰ সীমা বিবাদ মীমাংসাৰ বাবে আজি আইজলত অনুষ্ঠিত হোৱা বৈঠকৰ ইতিমধ্যে সফল সমাপ্তি ঘটিছে। এই বৈঠকত অসমৰ হৈ ভাগ লয় দুই মন্ত্ৰী অতুল বৰা আৰু অশোক সিংহল। দুয়োগৰাকী মন্ত্ৰীৰ লগত বৈঠকত উপস্থিত থাকে অসমৰ সীমা সুৰক্ষাৰ আয়ুক্ত সচিব জি ডি ত্ৰিপাথি।

মিজোৰামৰ তৰফৰ পৰা আলোচনাত বহে গৃহমন্ত্ৰী লালচাম লিয়ানা, ৰাজহ মন্ত্ৰী লালৰোৱাতকিমা। অসমৰ প্ৰতিনিধি দলটোৱে মিজো ছাত্ৰ সংগঠন MZPৰ প্ৰতিনিধি দলৰ সৈতেও আলোচনাত মিলিত হয়।

ইপিনে এই বৈঠকৰ পাছতে জাৰি কৰা হৈছে দুই চৰকাৰৰ যৌথ বিজ্ঞপ্তি। বৈঠকৰ পাছত দুই চৰকাৰে সীমান্তৰ বিবাদ নিষ্পত্তি আৰু সংঘাত দূৰীকৰণৰ বাবে সকলো ব্যৱস্থা লবলৈ ঐক্যমতত উপনীত হয়।

দুইখন ৰাজ্যই সীমান্তৰ পৰা নিজৰ সুৰক্ষা বাহিনী আতৰাই আনিবলৈ সন্মত হয়। বিবাদমান অঞ্চলত সম্পূৰ্ণ নিৰাপত্তাৰ দায়িত্বত থাকিব কেন্দ্ৰীয় নিৰপেক্ষ সুৰক্ষা বাহিনীৰ ওচৰত।

দুই ৰাজ্যৰ ফালৰ পৰা বন কিম্বা তহলদাৰী ব্যৱস্থা নাথাকিব। কোনোপক্ষই বিবাদমান অঞ্চলত নতুনকৈ নিৰাপত্তা বাহিনীৰ মকৰলৰ ব্যৱস্থা নকৰে। লগতে অসমৰ কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ আৰু মিজোৰামৰ মামি আৰু কালাছি জিলাত এই সিদ্ধান্ত বাহাল থাকিব।

RELATED ARTICLES