peepl-small

সুকলমে চলি আছে ভোটগ্ৰহণ, বহুকেইগৰাকী প্ৰাৰ্থীয়ে দিলে ভোট

PUBLISHED:

গুৱাহাটীঃ বিধানসভা নিৰ্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সুকলমে অনুষ্ঠিত হৈ আছে। পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়াত উজনি অসমৰ ১২ খন জিলাৰ মুঠ ৪৭ টা সমষ্টিত অনুষ্ঠিত হৈ আছে এই ভোটগ্ৰহণ ৷

আবেলিলৈ মুঠ ২৬৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ব ইভিএমত ৷ এই প্ৰাৰ্থীসকলৰ ভিতৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা হেভীৱেট প্ৰাৰ্থীসকলৰ ভিতৰত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়া, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, অসম জাতীয় পৰিষদৰ সম্পাদক জগদীশ ভূঞা, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, বিজেপিৰ জ্যেষ্ঠ নেতা ৰঞ্জিত দত্ত, প্ৰশান্ত ফুকন, অগপৰ সভাপতি অতুল বৰা, অগপ নেতা কেশৱ মহন্ত, কংগ্ৰেছৰ ৰকিবুল হুছেইন, ৰূপজ্যোতি কুৰ্মী, বিস্মিতা গগৈ, প্ৰণতি ফুকন, ভূপেন বৰা, বিজেপিৰ আঙুৰলতা ডেকা, অজন্তা নেওগ আদি ৷

ইতিমধ্যে ইয়াৰে বহুকেইগৰাকী প্ৰাৰ্থী নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে। কংগ্ৰেছৰ ৰিপুণ বৰা, বিজেপিৰ অজন্তা নেওগ, অগপৰ ৰেণুপমা ৰাজখোৱা, প্ৰশান্ত ফুকন আদি নেতাই ভোটদান কৰে।

RELATED ARTICLES