peepl-small

ৰাজ্যত ৫.১৬ শতাংশলৈ হ্রাস ক’ভিড আক্রান্তৰ হাৰ, মৃত ৮৪জন

PUBLISHED:

গুৱাহাটী: ৰাজ্য চৰকাৰে জাৰি কৰা কঠোৰ নীতি–নির্দেশনাৰ পাছত ক্রমশঃ হ্রাস পাবলৈ লৈছে ক’ভিড আক্রান্তৰ হাৰ৷ ৰাজ্যত ক’ভিডত আক্রান্তৰ হাৰ সোমবাৰৰ দিনটোত ৫.১৬ শতাংশলৈ হ্রাস পাইছে৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ৬,২২১জন লোক৷ সোমবাৰৰ দিনটোত ৰাজ্যজুৰি সম্পন্ন কৰা হয় বৃহৎসংখ্যক ক’ভিড পৰীক্ষা৷ মুঠ ১,২০,৬৬৮টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হয় সোমবাৰৰ দিনটোত৷ আক্রান্তসকলৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ সর্বাধিক ৭২৯জন লোক৷

তদুপৰি কাছাৰত ৫১৭, ডিব্রুগড়ত ৭১২ আৰু নগাঁৱত ৪১৭জন লোক ক’ভিডত নতুনকৈ আক্রান্ত হৈছে৷ ক’ভিড আক্রান্তৰ হাৰ ৰাজ্যত আশাব্যঞ্জকভাৱে হ্রাস পালেও এতিয়াও উদ্বেগজনক হৈয়েই আছে মৃত্যু হোৱা লোকৰ সংখ্যা৷ কালি পুনৰ ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে ৮৪জন লোকৰ৷ মৃত্যু হোৱা লোকসকলৰ সর্বাধিক ১২জন কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি কামৰূপত ১০জন, তিনিচুকীয়াত ৯জন, ডিব্রুগড়ত ৮জন, কাছাৰ–শোণিতপুৰত পাঁচজনকৈ, বাক্সা–গোৱালপাৰা–নগাঁও চাৰিজনকৈ, বৰপেটাত তিনিজন, বিশ্বনাথ–কৰিমগঞ্জ দুজনকৈ লোকৰ মৃত্যু ঘটিছে৷ সেইদৰে দৰং, বঙাইগাঁও, ধেমাজি, ধুবুৰী, ডিমা হাছাও, গোলাঘাট, হাইলাকান্দি, যোৰহাট, লখিমপুৰ আৰু নলবাৰীত এজনকৈ লোকৰ মৃত্যু হৈছে ক’ভিডত৷

অৱশ্যে প্রতিদিনে ৰাজ্যত সুস্থ হৈ উঠিছে বৃহৎসংখ্যক ক’ভিড আক্রান্ত ৰোগী৷  সুস্থ হোৱা ৰোগীৰ সংখ্যা ৫,২৫২জন৷ সম্প্রতি ৰাজ্যৰ বিভিন্ন চিকিৎসালয় আৰু হোম আইছ’লেচনত থকা ৰোগীৰ সংখ্যা হৈছে ৫২,৬৪৯জন৷

RELATED ARTICLES