peepl-small

অসমৰ বনাঞ্চলত নাগালেণ্ডৰ আগ্রাসনঃ নাগালেণ্ডৰ মুখ্যমন্ত্রীৰ চিঠিৰ আজি উত্তৰ দিব ড০ শর্মাই

PUBLISHED:

গুৱাহাটী: অসমৰ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত নাগালেণ্ডৰ আগ্রাসন সম্পর্কত চুবুৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্রী নেফি’ ৰিঅ’ৱে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মালৈ এখন পত্র দিছে৷

মুখ্যমন্ত্রী ড০ শর্মাই আজি সেই পত্রৰ উত্তৰ দিব৷  গুৱাহাটীত আয়োজিত  এখন সংবাদ মেলত মুখ্যমন্ত্রী ড০ শর্মাই এই বিষয়ে জানিবলৈ দি কয় যে নাগালেণ্ডৰ মুখ্যমন্ত্রীক তেওঁ উত্তৰ দিয়াৰ পাছত পত্রৰ প্রতিলিপি সংবাদ মাধ্যমক অৱগত কৰিব৷ তেওঁ আৰু জানিবলৈ দিয়া মতে সীমান্ত অঞ্চল উন্নয়ন বিভাগৰ মন্ত্রী অতুল বৰাই নিৰন্তৰ নাগালেণ্ড চৰকাৰৰ সৈতে যোগাযোগ ৰাখিছে৷ নাগালেণ্ডৰ মুখ্যমন্ত্রীকে ধৰি চৰকাৰখনৰ লগত বৰাই যোগাযোগ কৰি আছে৷ কালিও বৰাই নেফি’ ৰিঅ’ৰ লগত দুই–তিনিবাৰ কথা পাতিছে৷

RELATED ARTICLES