peepl-small

প্ৰতি নিশা ২ বজাত চিকিৎসকৰ সৈতে ভিডিঅ’ ক’ল কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

PUBLISHED:

গুৱাহাটীঃ  আজি শোণিতপুৰ জিলাৰ তেজপুৰ মেডিকেল কলেজ হাস্পতালত উপস্থিত হয়গৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত  বিশ্ব শৰ্মা। আজিৰ এই পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীগৰাকীয়ে শোণিতপুৰ জিলা উপায়ুক্তক জিলাখনত ক’ভিড টেষ্টৰ সংখ্যা বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে কাৰ্ফিউ যাতে খুব কঠোৰ ভাবে হয় তাৰবাবে ব্যৱস্থা  ল’বলৈও পৰামৰ্শ দিয়ে। 

ইপিনে জিলাখনৰ দুখীয়া লোকসকলক ২০০০ টকাৰ খাদ্যবস্তুৰ পেকেট দিবলৈ উপায়ুক্তক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত  বিশ্ব শৰ্মাই।

আনহাতে ছিৰাজুলী আৰু ঘুৰামৰা মডেল চিকিৎসালয় দুখন আৰু পুৰণা তেজপুৰ মানসিক চিকিৎসালয়খনো শীঘ্ৰে ক’ভিড কেয়াৰ চেণ্টাৰলৈ ৰূপান্তৰ কৰিবলৈ নিৰ্দেশ দিয়ে।

লগতে জিলাখনত চিকিৎসকৰ কিছু প্ৰয়োজন আছে বুলি উল্লেখ কৰি শীঘ্ৰে জিলাখনলৈ চিকিৎসক পঠোৱা হ’ব বুলি মন্তব্য কৰে।

সাংবাদিক আগত তেওঁ কয়, “তেজপুৰ মেডিকেল কলেজ হাস্পতালত ক’ভিড আই চি ইউ, অক্সিজেন প্লাণ্ট আদি বৃদ্ধি কৰাৰ প্ৰয়োজন আছে। বৰ্তমান ইয়াত ৪০ খন আই চি ইউ বেড আছে, যাক ৭০ খনলৈ বৃদ্ধি কৰাৰ সুবিধা আছে।”

উল্লেখ্য যে নিশাৰ ভাগত চিকিৎসকসকল থাকিব লাগে। কিন্তু তেজপুৰ মেডিকেল কলেজত নিশা জ্যেষ্ঠ চিকিৎসক নাথাকে। যাৰবাবে মুখ্যমন্ত্ৰীয়ে নিশা ২ বজাত সদায় ভিডিঅ’ ক’ল কৰি চিকিৎসকৰ সৈতে বাৰ্তালাপ কৰিব বুলিও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।

RELATED ARTICLES