peepl-small

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভোটদান

PUBLISHED:

গুৱাহাটীঃ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদানত অংশ ললে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ৰ এটা ভোটকেন্দ্ৰত ভোট দান কৰে।

মুখ্যমন্ত্ৰীয়ে নিজ ভোটাধিকাৰ সাব্যস্ত কৰাৰ পিছত সাংবাদিকৰ আগত কয়- “আমি ১০০ তকৈও অধিক আসন পাম।”

উল্লেখ্য, ভোটকেন্দ্ৰত উপস্থিত হোৱাৰ আগতে সোণোৱালে ডিব্ৰুগড়ৰ বগা বাবা মাজাৰতো প্ৰাৰ্থনা কৰিছিল।

“মই সকলোৰে বাবে শান্তি আৰু ভাৰতীয় জনতা পাৰ্টিৰ বিজয়ৰ বাবে প্ৰাৰ্থনা কৰিছিলো,” সোণোৱালে কয়।

উল্লেখ্য আজি প্ৰথম পৰ্যায়ত অসম বিধানসভা নিৰ্বাচনৰ মুঠ ১২৬ খন আসনৰ ভিতৰত ৪৭ খন আসনত ভোটগ্ৰহণ চলি আছে।

RELATED ARTICLES