peepl-small

অসম: আজি নাড্ডা–প্রিয়ংকাৰ প্রচাৰ

PUBLISHED:

গুৱাহাটী: অসম বিধানসভাৰ তৃতীয় পর্যায়ৰ নির্বাচনত ভোটগ্রহণ অনুষ্ঠিত হ’বলগীয়া ৪০খন আসনৰ ভোটযুদ্ধৰ বাবে সাজু হৈছে শাসক–বিৰোধী৷ ভোটাৰৰ মন জয় কৰিবলৈ ৰাজ্যত পুনৰ প্রচাৰ চলাবলৈ আহিব বিভিন্ন ৰাজনৈতিক দলৰ হাইপ্রফাইল নেতা৷ আজি ৰাজ্যত প্রচাৰ চলাব বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা আৰু কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধীয়ে৷ দুয়োগৰাকী নেতাই কাইলৈ তিনিখনকৈ নির্বাচনী সভাত অংশ ল’ব৷

প্রাপ্ত তথ্য অনুসৰি বিজেপিৰ ৰাষ্ট্রীয় সভাপতিগৰাকী কালি নিশা ৭.১০ বজাত গুৱাহাটীত উপস্থিত হ’ব৷ খানাপাৰাস্থিত তাজ ভিভাণ্টাত নিশা কটোৱাৰ পিছত তেওঁ শুকুৰবাৰে নির্বাচনী সভাকেইখনত অংশগ্রহণ কৰিব৷ ৰাষ্ট্রীয় সভাপতিগৰাকীয়ে কাইলৈ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ হৈ প্রচাৰ চলাব পাটাছাৰকুছিত৷ সমষ্টিটোৰ ভাগৱতী ফিল্ডত নির্বাচনী সভা সম্বোধন কৰিব নাড্ডাই৷ ইয়াৰ পিছতে তেওঁ বকোৰ গান্ধী ময়দান আৰু গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া সভাত ভাষণ প্রদান কৰিব জে পি নাড্ডাই৷ গুৱাহাটীত তেওঁ পূব গুৱাহাটী সমষ্টিৰ প্রার্থী সিদ্ধার্থ ভট্টাচার্যৰ হৈ প্রচাৰ চলাব৷

ইপিনে, নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক প্রিয়ংকা গান্ধীয়ে পূব গোৱালপাৰা সমষ্টিৰ মায়াবজাৰ, গোলকগঞ্জ সমষ্টিৰ শ্বেৰনগৰ আৰু সৰুক্ষেত্রী সমষ্টিৰ কয়াকুছিত নির্বাচনী প্রচাৰ চলাব৷

আনহাতে, প্রিয়ংকা গান্ধীৰ উপৰি  অসমলৈ আহিব প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা কংগ্রেছৰ শীর্ষ নেতা ছলমান খুৰশ্বিদ৷ উত্তৰ অভয়াপুৰীত চাকলা আৰু বৰপেটা সদৰৰ কৌৰপাৰাত তেওঁ নির্বাচনী সভাত অংশগ্রহণ কৰিব৷ সেইদৰে কেন্দ্রীয় মন্ত্রী নৰেন্দ্র সিং টোমৰে কাইলৈ সৰুক্ষেত্রীত নির্বাচনী প্রচাৰ চলাব৷ শুকুৰবাৰৰ দিনটোত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে চিৰাং, বৰপেটা, নলবাৰী, দুধনৈ, পলাশবাৰী আৰু হাজোত নির্বাচনী সভা সম্বোধন কৰিব৷

RELATED ARTICLES