peepl-small

গোর্খা নাগৰিকৰ ওপৰত নচলিব বিদেশী সংক্রান্তীয় গোচৰ: কেবিনেট সিদ্ধান্ত

PUBLISHED:

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেটে গোর্খা নাগৰিকসকলক বিদেশী ৰূপে কোনোধৰণৰ গোচৰ নচলোৱাৰ সিদ্ধান্ত গ্রহণ কৰে৷ বিদেশী ন্যায়াধিকৰণত গোর্খা সম্প্রদায়ৰ লোকসকলৰ ওপৰত চলি থকা সকলো গোচৰ প্রত্যাহাৰৰ সিদ্ধান্ত গ্রহণ কৰে৷ ৰাজ্যিক কেবিনেটে বুধবাৰে এক সিদ্ধান্তমর্মে খিলঞ্জীয়া ভূমিহীন লোকক মাটি প্রদান কৰাৰ সময়তে ভূমিৰ পট্টাও প্রদান কৰিব৷ পূর্বে মাটি আবণ্টন দিয়াৰ তিনি বছৰ পাছতহে ম্যাদী পট্টা প্রদান কৰা হৈছিল৷ এই পট্টা লাভ কৰা ভূমিৰ গৰাকীসকলে ১৫ বছৰলৈ এই মাটি বিক্রী কৰিব নোৱাৰিব৷

ৰাজ্যিক কেবিনেটে বুধবাৰে সিদ্ধান্তমর্মে শিক্ষা বিভাগত খালী হৈ থকা ২২,৯২১টা পদৰ নিযুক্তি প্রক্রিয়াত অনুমোদন জনাইছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেটত সিদ্ধান্তসমূহ সদৰী কৰি মন্ত্রী পীয়ূষ হাজৰিকাই জানিবলৈ দিয়ে যে এক লাখ চাকৰি প্রদানৰ প্রতিশ্রুতিৰ অংশ হিচাপে বিগত কেবিনেটে আৰক্ষী বিভাগৰ প্রায় ১৫ হাজাৰ পদ পূৰণত অনুমোদন জনাইছিল৷

বুধবাৰৰ কেবিনেটে প্রাথমিক শিক্ষাত ১০ হাজাৰ আৰু মাধ্যমিক শিক্ষাত ১২,৯২১টা পদ পূৰণত অনুমোদন জনায়৷ আনহাতে, পার্বত্য জনজাতিৰ বাবে সংৰক্ষিত ১,৪৬৪টা পদৰ বাবে বিশেষ টেট অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰাৰ লগতে বড়ো মাধ্যম, গাৰো মাধ্যম আৰু মণিপুৰী মাধ্যমৰ বাবেও বিশেষ টেট ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিব৷ অহা ১ ছেপ্টেম্বৰৰ পৰা শিক্ষা বিভাগৰ এই নিযুক্তি প্রক্রিয়া আৰম্ভ হ’ব৷

কেবিনেটৰ আন এক সিদ্ধান্ত সন্দর্ভত মন্ত্রী পীয়ূষ হাজৰিকাই জানিবলৈ দিয়ে যে এতিয়াৰে পৰা ফ্লেট পঞ্জীয়ন কার্য সহজ কৰাৰ লক্ষ্যৰে নগৰ অঞ্চলত ফ্লেট ক্রয় বা বিক্রী কৰিবৰ বাবে জিলা প্রশাসনৰ কোনো অনুমতিৰ প্রয়োজন নহ’ব৷ ফ্লেট ক্রেতা আৰু বিক্রেতাই নিজেই পঞ্জীয়ন সম্পন্ন কৰিব পাৰিব৷ কেবিনেটে প্রাক্তন সাংসদ ৰমেন ডেকাক ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰণ আয়োগৰ সহঃ উপাধ্যক্ষ হিচাপে দায়িত্ব প্রদান কৰাৰ লগতে তেওঁক কেবিনেট মর্যাদা প্রদানৰ সিদ্ধান্ত লয়৷

ইফালে বুধবাৰে কেবিনেট বৈঠকৰ পাছতেই গ্রাম্য আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে অসম চৰকাৰ, নাবার্ড আৰু অসম আন্তঃগাঁথনি বিত্তীয় প্রাধিকৰণ (এ আই এফ এ)ৰ সৈতে এক বুজাবুজি চুক্তি সম্পন্ন হয়৷

RELATED ARTICLES