peepl-small

আন এক আতংকঃ ব্লেক–হোৱাইট য়েলোৰ পিছত এইবাৰ এছপাৰগিলোছিছ

PUBLISHED:

গুৱাহাটী: কালান্তক ক’ৰোনাৰ মাজতে ব্লেক–হোৱাইট আৰু য়েলো ফাংগাছৰ সংক্রমণে আতংকৰ সৃষ্টি কৰি থকাৰ সময়তে এইবাৰ আন এক আতংক হিচাপে ধৰা পৰিছে এছপাৰগিলোছিছ৷

দেশৰ বিভিন্ন ৰাজ্যত ব্লেক–হোৱাইট আৰু ইয়েলো ফাংগাছৰ সংক্রমণে ক’ভিড আক্রান্ত ৰোগীৰ জীৱনলৈ শংকা নমাই অনাৰ সময়তে গুজৰাটত ধৰা পৰিছে আন এক মাৰাত্মক এছপাৰগিলোছিছৰ সংক্রমণ৷ গুজৰাটৰ বদোদৰাৰ চিকিৎসালয়ত ক’ভিড–১৯ত আক্রান্ত লোকৰ দেহত এছপাৰগিলোছিছ ফাংগাছ ধৰা পৰিছে৷

চিকিৎসালয়খনত এছপাৰগিলোছিছত আক্রান্ত অতি কমেও আঠজন ৰোগী ধৰা পৰাৰ পাছত চিকিৎসকসকলে বিশেষভাৱে চিকিৎসা চলাই আছে৷ উল্লেখ্য যে এই এছপাৰগিলোছিছত আক্রান্ত হোৱা ৰোগীসকলৰ ভিতৰত ক’ভিডত আক্রান্ত হৈ থকা ৰোগীৰ লগতে ক’ভিডৰ পৰা সুস্থ হোৱা লোকো আছে৷

চিকিৎসকৰ মতে নাকেৰে শৰীৰত প্রৱেশ কৰা এছপাৰগিলিয়াছ ফাংগাছে হাঁওফাঁওত আক্রমণ কৰে আৰু লোকজনক দুর্বল কৰি তোলে৷ চিকিৎসকৰ মতে দুর্বল লোকসকলে এই ফাংগাছত আক্রান্ত হ’লে মৃত্যু হোৱাৰ সম্ভাৱনা থাকে৷ সাধাৰণ লোকৰ নাকেৰে এছপাৰগিলিয়াছ ফাংগাছ শৰীৰত প্রৱেশ কৰিলেও ই বিশেষ ক্ষতি কৰিব নোৱাৰে যদিও ক’ভিড ৰোগী তথা ক’ভিডত আক্রান্ত হৈ সুস্থ হোৱা লোকৰ হাঁওফাঁওত ক্ষতি কৰে৷

উল্লেখ্য যে ব্লেক ফাংগাছ প্রথমতে গুজৰাটৰ চিকিৎসালয়ত ধৰা পৰাৰ পাছত মহাৰাষ্ট্র, দিল্লী, কর্ণাটক, অসমকে ধৰি কেইবাখনো ৰাজ্যত ক’ভিড ৰোগীৰ দেহত এই মাৰাত্মক ফাংগাছটো ধৰা পৰে৷ এই ফাংগাছটোত আক্রান্ত হৈ ইতিমধ্যে দেশজুৰি ৭ সহস্রাধিক লোকৰ প্রাণ হেৰাইছে৷ ঠিক তেনেদৰে হোৱাইট ফাংগাছ আৰু ইয়েলো ফাংগাছত সংক্রমিত ৰোগীৰ সংখ্যাও বর্ধিত হৈ আছে৷ এনে সময়তে আন এক ফাংগাছৰ স্থিতি ক’ভিড ৰোগীৰ দেহত ধৰা পৰাত চিকিৎসকসকলৰ বাবে ক’ভিড ৰোগীৰ চিকিৎসাত এক প্রত্যাহ্বান আহি পৰিছে৷

RELATED ARTICLES