peepl-small

২.৫ কোটি টকাত নিলাম হ’ল এখন চাকৰী বিচাৰি কৰা আবেদন পত্ৰ

PUBLISHED:

ষ্টিভ জবছক সদায়ে মানুহৰ প্ৰিয় কোম্পানীৰ প্ৰতিষ্ঠাপক হিচাপে স্মৰণ কৰা হ’ব। জবছ একমাত্ৰ ব্যক্তি যাৰ সৈতে এপল’ৰ নাম সদায় সংযোগ হৈ থাকে। কিন্তু আপুনি জানেনে যে উদ্যোগী প্ৰতিভাধৰ তথা এপেল’ৰ প্ৰতিষ্ঠাপক ষ্টিভ জবছৰো এসময়ত চাকৰিৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল? ইয়াৰ আটাইতকৈ ডাঙৰ প্ৰমাণ হৈছে তেওঁৰ চাকৰিৰ আবেদন পত্ৰখন। যিখন শেহতীয়াকৈ নিলামত ২.৫ কোটি টকা লাভ কৰিছে।

লগতে ইয়াৰ প্ৰমাণ হৈছে যে ১৯৭৩ চনত আবেদন পত্ৰখন ষ্টিভ জবছে নিজেই পূৰণ কৰিছিল। সেই সময়ছোৱাত জবছৰ বয়স আছিল মাত্ৰ ১৮ বছৰ। এয়া আছিল সেই সময়ৰ জবছৰ প্ৰথম আৰু অন্তিম আবেদন। পিচে জবছে নিজেই জনা নাছিল যে তেওঁৰ বাবে কিমান ডাঙৰ সুবিধাই অপেক্ষা কৰি আছে।

প্ৰথম চাকৰিটো সকলোৰে বাবে অত্যন্ত বিশেষ। জবছে আবেদনখনত ড্ৰাইভিং লাইচেঞ্চ থকাৰ কথা উল্লেখ কৰিছিল আৰু কৈছিল যে তেওঁৰ নিজা কোনো ফোন নাই।

চাকৰি আবেদনখন দেখিলেই বুজা যায় যে ই কিমান অনন্য আছিল। সেইকাৰণে এই আবেদন পত্ৰখনে নিলামত ইমান টকা পাইছিল।

RELATED ARTICLES