peepl-small

ত্রুটিপূর্ণ ক্রয় চুক্তিৰ বাবেই এপিডিচিএলৰ লোকচান

PUBLISHED:

গুৱাহাটীঃ  ৰাজ্য চৰকাৰে সংকটজর্জৰ শক্তি খণ্ডৰ উন্নয়নৰ বাবে শেহতীয়াকৈ গ্রহণ কৰা পদক্ষেপৰ সময়তে এ পি ডি চি এলৰ লোকচান সন্দর্ভত বিভিন্ন সংবাদ মাধ্যমত প্রকাশ পোৱা বাতৰিত তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে ৰাজ্যৰ শক্তি খণ্ডত গুৰুত্বপূর্ণ অংশীদাৰী সংগঠন এছ’চিয়েচন অৱ ইঞ্জিনীয়ার্ছে৷ এক বিবৃতিত সংগঠনটোৱে বিসংগতিপূর্ণ বাতৰিয়ে জনসাধাৰণৰ মাজত বিভ্রান্তি বিয়পোৱাৰ লগতে এ পি ডি চি এলৰ সৎ আৰু নিষ্ঠাৱান কর্মচাৰীৰ মনোবল হ্রাস কৰিব বুলি উল্লেখ কৰিছে৷

বিবৃতিটোত সংগঠনটোৱে কয় যে এ পি ডি চি এলৰ ৱেবছাইটত উপলব্ধ হোৱা বিত্তীয় তথ্য অনুসৰি ২০১৭–১৮ আৰু ২০১৮–১৯ বিত্তীয় বর্ষত এ পি ডি চি এলে ১৬৪.৪২ কোটি আৰু ২১.০১ কোটি টকাৰ লাভ আহৰণ কৰিছে৷ এই সময়ত উক্ত হিচাপমর্মে এ পি ডি চি এলৰ প্রতিটো অংশৰ মূল্য আছিল ক্রমে ৬৫ টকা আৰু ৮ টকা৷ আনহাতে, যদিও ২০১৯–২০ বিত্তীয় বর্ষৰ বাবে প্রত্যায়িত সাধাৰণ হিচাপ এতিয়াও উপলব্ধ হোৱা নাই, তথাপি এই সময়ত ২০২.৬৯ কোটি লাভ হৈছে৷

তদুপৰি খচৰা হিচাপ অনুসৰি ২০২০–২১ বিত্তীয় বর্ষত ২১৬.৮৫ কোটিৰ লোকচান হোৱা বুলি ইতিমধ্যে প্রকাশ হৈছে৷ এই হিচাপত যোৱা বিত্তীয় বর্ষত মাহিলি লোকচানৰ পৰিমাণ ১৮.০৭ কোটিহে হ’ব৷ আনহাতে, প্রকৃত তথ্য অনুসৰি যোৱা বিত্তীয় বর্ষত ৰাজহ সংগ্রহৰ হাৰ হৈছে ৯২.৩৮ শতাংশ৷ অর্থাৎ মুঠ বিদ্যুৎ বিলৰ ৯২.৩৮ শতাংশ সংগ্রহ কৰিবলৈ সক্ষম হৈছিল বিদ্যুৎ বিতৰণ কোম্পানীয়ে৷ ফলত এ পি ডি চি এলৰ প্রতিমাহে ৩৭.৪৯ কোটি টকাকৈ বছৰি ৪৪৯.৯১ কোটি টকা ৰাজহ অনাদায়ী হৈ আছে৷ অৱশ্যে ইয়াৰ মাজত ৰাজ্য চৰকাৰৰ পৰা পাবলগীয়া ৰাজসাহায্যৰ অংশও অন্তর্ভুক্ত হৈ আছে৷ সেইদৰে উদয় প’র্টেলৰ পৰা পোৱা তথ্য অনুসৰি যোৱা ৩১ মার্চ পর্যন্ত এ পি ডি চি এলৰ সংগৃহীত কাৰিকৰী আৰু বাণিজ্যিক ঘাটিৰ লোকচানৰ হাৰ ২১.৬৫ শতাংশ৷ এই হিচাপ জাতীয় গড হাৰ (২১.৭৩ শতাংশ)তকৈ কম৷ বিগত সময়ত অসমে বিদ্যুৎ খণ্ডৰ প্রগতিৰ ক্ষেত্রত ৰাজ্য হিচাপে ষষ্ঠ স্থান লাভ কৰিছে আৰু এ পি ডি চি এলে ৪৮টা বিদ্যুৎ বিতৰণ কোম্পানীৰ ভিতৰত ১৩সংখ্যক স্থান লাভ কৰিছে৷ কিন্তু ৰাজ্যৰ বিদ্যুৎ খণ্ডৰ প্রগতিৰ এনে নিৰলস প্রচেষ্টাৰ বিপৰীতে শেহতীয়াভাৱে সংবাদ মাধ্যমত এনে ধাৰণা দিব বিচৰা হৈছে যে ৰাজ্যৰ বিদ্যুৎ বিতৰণ কোম্পানীয়ে একমাত্র বিদ্যুৎ চুৰিৰ বাবেই বিপুল পৰিমাণৰ লোকচানৰ সন্মুখীন হৈ আছে আৰু এনে দুষ্কার্যত স্বয়ং বিদ্যুৎ কর্মচাৰীয়ে জডিত হৈ আছে৷

বর্তমানো বিদ্যুৎ চুৰিৰ দুষ্কার্য এটা এৰাব নোৱাৰা পৰিঘটনা হৈয়ে আছে৷ কিন্তু বিদ্যুৎ কর্মচাৰীক বিনাবিচাৰে অভিযুক্ত কৰা আৰু আত্মপক্ষ সমর্থনৰ সুযোগ নিদি জনমানসত হেয় প্রতিপন্ন কৰাৰ বাবে যি পদক্ষেপ লোৱা হৈছে, সেয়া ব্যক্তিবিশেষৰ ন্যায়ৰ মৌলিক অধিকাৰৰ পৰিপন্থী৷ এনে প্রৱণতাই সেইসকল নিষ্ঠাৱান বিদ্যুৎ কর্মচাৰী–ভিযন্তাৰ কর্মস্পৃহা আৰু মনোবল হ্রাস কৰিব, যিসকলে মহামাৰীৰ এই দুর্যোগকালতো নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি ২x৭ ঘণ্টাই নিৰৱচ্ছিন্ন বিদ্যুৎ সেৱাত নিজকে ব্রতী কৰি ৰাখিছে৷ আনকি সংবাদ মাধ্যমত প্রকাশ পোৱা অনুসৰি বিগত দিনকেইটাত পাঁচগৰাকী বিষয়া নিলম্বিত হোৱাৰ বাতৰিও সত্যৰ ওপৰত প্রতিষ্ঠিত নহয়৷ কিয়নো প্রকৃততে এগৰাকী বিষয়াৰ নিলম্বন কৰাৰ লগতে আন এগৰাকীৰ চুক্তিভিত্তিক নিযুক্তি বাতিল কৰা হৈছে৷ বিদ্যুৎ চুৰি ৰোধ আৰু ইয়াৰ তদাৰকী হৈছে এটা চিৰন্তন প্রক্রিয়া, যি বিতৰণ ব্যৱস্থাৰ অন্যতম গুৰুত্বপূর্ণ কামৰ ভিতৰত এটা৷

প্রাপ্ত তথ্য অনুসৰি, ২০১৩ চনৰ পৰা আজি পর্যন্ত ৫০টাৰো অধিক উচ্চ পর্যায়ৰ বিদ্যুৎ চুৰি ঘটনা চিনাক্ত হৈছে আৰু ইয়াৰ সমান্তৰালকৈ বহুতো সৰু–সুৰা বিদ্যুৎ চুৰি ঘটনা ধৰা পৰিছে৷ এই সময়ছোৱাত ১০০ কোটিৰো অধিক মূল্যৰ বিদ্যুৎ চুৰি বিষয়ক জৰিমনা আদায় কৰা হৈছে৷ এই সম্পর্কীয় অসংখ্য বিচাৰ ৰাজ্যৰ বিভিন্ন আদালতত চলি আছে৷ বিদ্যুৎ চুৰি চিনাক্তকৰণ আৰু ইয়াৰ প্রতিৰোধৰ বাবে এই সু–সংগবদ্ধ তদাৰকী ব্যৱস্থা গঢ় দিব লাগিব৷ আনহাতে, কেন্দ্রীয় শক্তি উৎপাদন প্রতিষ্ঠান আৰু নৱীকৰণযোগ্য শক্তি প্রতিষ্ঠানৰ সৈতে থকা বহুতো ত্রুটিপূর্ণ দীর্ঘম্যাদী শক্তি ক্রয় চুক্তিৰ বাবেই ভাৰতৰ আন আন বিতৰণ কোম্পানীৰ দৰেই এ পি ডি চি এলেও শক্তি ক্রয়ৰ ক্ষেত্রত অধিক বোজাৰ সন্মুখীন হৈছে বুলি বিবৃতিটোত অভিযোগ কৰে৷

আনহাতে অনুমোদিত এইচ টি ঃ এল টি অনুপাত ১ঃ১.২ৰ বিপৰীতে আজিও এ পি ডি চি এলৰ এই অনুপাত হৈছে ১ঃ৩.১৯৷ যাৰ বাবে বিতৰণৰ লোকচান অপ্রতিৰোধ্য হৈ আছে৷ বিগত সময়ত বিভিন্ন কেন্দ্রীয় আঁচনি ৰূপায়ণৰ ফলতে এ পি ডি চি এলৰ এল টি নেটৱর্ক ব্যৱস্থাৰ দ্রুত প্রসাৰ হৈছে৷ কিন্তু ইয়াৰ বিপৰীতে এইচ টি নেটৱর্কৰ আন্তঃগাঁথনিৰ উন্নয়ন হোৱা নাই৷ এ পি ডি চি এলৰ এল টি নেটৱর্ক ব্যৱস্থাৰ দ্রুত উন্নয়নৰ দ্বাৰা ইয়াকHVDS [High Voltage Distribution System] ব্যৱস্থালৈ উন্নীত কৰিব পাৰিলেই বিতৰণ ব্যৱস্থাৰ লোকচান ৰোধ কৰাটো সম্ভৱ হ’ব৷

উল্লেখ্য যে যদিও প্রচলিত আইনৰ অধীনত এ পি ডি চি এলক এটা বাণিজ্যিক প্রতিষ্ঠান হিচাপে গঢ় দিব বিচৰা হৈছে, প্রকৃততে ইয়াৰ মাজেৰে বিদ্যুতৰ সেৱা প্রদানৰ গুৰুদায়িত্ব পালিত হৈ আহিছে৷ এনে দৃষ্টিভংগীৰে ৰাজ্য চৰকাৰে এই বিদ্যুৎ বিতৰণ কোম্পানীটোৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্রত প্রকৃত আৰু যথাযথ বিত্তীয় সাহায্য যোগান ধৰি ইয়াৰ কার্যব্যৱস্থাটো টনকিয়াল কৰিব লাগিব৷

RELATED ARTICLES