peepl-small

ৰাজ্যৰ ৫০ শতাংশৰ শৰীৰত এণ্টি ব’ডী

PUBLISHED:

ৰাজ্যত ক’ভিডৰ সংক্রমণ অব্যাহত থকাৰ সময়তে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে (আই চি এম আৰ) সম্পন্ন কৰিছে এণ্টি ব’ডীৰ সমীক্ষা৷ এই সমীক্ষা অনুসৰি অসমৰ ৫০ শতাংশ লোকৰ শৰীৰত পোৱা গৈছে ক’ভিড এণ্টি ব’ডী৷ অর্থাৎ ৰাজ্যৰ মুঠ জনসংখ্যাৰ ৫০ শতাংশৰ শৰীৰত গঢ় লৈ উঠিছে ক’ভিড প্রতিৰোধী ক্ষমতা৷

প্রাপ্ত তথ্য অনুসৰি মুঠ তিনিখন জিলৰ পৰা নমুনা সংগ্রহ কৰিছিল আই চি এম আৰে৷ কামৰূপ মহানগৰ, ওদালগুৰি আৰু কার্বি আংলং জিলাৰ পৰা আই চি এম আৰে নমুনা সংগ্রহ কৰি সমীক্ষা সম্পন্ন কৰিছিল৷ সমীক্ষাৰ ফলাফল অনুসৰি কামৰূপ মহানগৰ জিলাত ৩৯৯জন সাধাৰণ লোক আৰু ১০১জন স্বাস্থ্যকর্মীৰ নমুনা সংগ্রহ কৰা হৈছিল৷ ইয়াৰ ভিতৰত ক্রমে ২১১ আৰু ৭৯জন লোকৰ শৰীৰত পোৱা গৈছিল এণ্টি ব’ডী৷

সেইদৰে ওদালগুৰিত ৪০১জন সাধাৰণ লোক আৰু ১০০জন স্বাস্থ্যকর্মীৰ নমুনা সংগ্রহ কৰা হৈছিল৷ ইয়াৰ ভিতৰত ক্রমে ১৯৯ আৰু ৮০জন লোকৰ শৰীৰত পোৱা গৈছিল ক’ভিড প্রতিৰোধ ক্ষমতা৷ সেইদৰে কার্বি আংলঙত ৪০৩জন সাধাৰণ লোক আৰু ১০০জন স্বাস্থ্যকর্মীৰ নমুনা সংগ্রহ কৰা হৈছিল৷ ইয়াৰে ক্রমে ১৬২জন আৰু ৬৬জনৰ শৰীৰত ক’ভিড এণ্টি ব’ডী গঢ় লৈ উঠিছে৷ শতকৰা হিচাপত কামৰূপ মহানগৰ জিলাত সর্বাধিক ৫৩ শতাংশ লোকৰ শৰীৰতে গঢ় লৈ উঠিছে ক’ভিড প্রতিৰোধী ক্ষমতা৷ অর্থাৎ মহানগৰীখনৰ ৫০ শতাংশতকৈও অধিক লোক কিছু পৰিমাণে হ’লেও ক’ভিডৰ পৰা সুৰক্ষিত৷

উল্লেখ্য যে এই সমীক্ষাৰ তথ্য অনুসৰি মধ্যপ্রদেশত সর্বাধিক ৭৭ শতাংশ লোকৰ শৰীৰত গঢ় লৈ উঠিছে ক’ভিড প্রতিৰোধ ক্ষমতা৷ ইফালে শীঘ্রে কয়দীসকলক ভেকচিন প্রদান প্রক্রিয়া সম্পন্ন কৰিবলৈ কাৰাগাৰসমূহৰ মহাপৰিদর্শকক নির্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ এই সন্দর্ভত ৰুজু হোৱা এটা গোচৰৰ শুনানি গ্রহণ কৰি এই নির্দেশনা দিছে ন্যায়ালয়ে৷

ইফালে আদালতত চৰকাৰী পক্ষই অৱগত কৰা অনুসৰি ৰাজ্যৰ মুঠ ১১,১৬৪জন কয়দীৰ ভিতৰত মুঠ ১০,২৬৩জন কয়দীক অতি কমেও এপালি ভেকচিন প্রদান কৰা হৈছে৷ ইয়াৰে ২১৮জনক সম্পূর্ণৰূপে ভেকচিন প্রদান কৰা হৈছে৷ এতিয়াও ৯০০ কয়দীক ভেকচিন দিয়া হোৱা নাই৷ অৱশ্যে স্বাস্থ্য বিভাগৰ নির্দেশনা অনুসৰি ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱা কয়দীকহে সম্প্রতি ভেকচিন প্রদান কৰা নাই কাৰাগাৰ কর্তৃপক্ষই৷

বৃহস্পতিবাৰে ৰাজ্যত আক্রান্ত ১,২৯৯: মৃত ২০

ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্রমণ৷ বৃহস্পতিবাৰে নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ১,২৯৯জন লোক৷ ইয়াৰে ১৮৪জন কামৰূপ মহানগৰ জিলাৰ৷ বৃহস্পতিবাৰে ক’ভিডত আক্রান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে ২০জন লোকে৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত মুঠ ১,২৮,৬৮৪টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তৰ হাৰ হৈছে ১.০১ শতাংশ৷ আনহাতে, সুস্থতাৰ হাৰ হৈছে ৯৬.৫৭ শতাংশ৷

RELATED ARTICLES