peepl-small

অৱসৰৰ ১৩ বছৰ পাছতো দৰমহা লাভ কৰি আছে চতুর্থবর্গৰ কর্মচাৰীয়ে

PUBLISHED:

গুৱাহাটীঃ অসম ৰাজ্যিক চিৰিয়াখানাত সংঘটিত হৈছে ব্যাপক অনিয়ম৷ চাকৰিৰ কার্যকাল অন্ত পৰাৰ পাছতো ৪জনকৈ বিষয়া–কর্মচাৰীয়ে লাভ কৰি আহিছে চৰকাৰী বেতন৷ প্রাপ্ত তথ্য অনুসৰি, অসম ৰাজ্যিক চিৰিয়াখানাৰ চতুর্থবর্গৰ কর্মচাৰী ডিগম্বৰ বডোৱে চাকৰিৰ কার্যকাল অন্ত পৰাৰ পাছতো বিগত ১৩ বছৰে লাভ কৰি আহিছে দৰমহা৷ ফিক্সড পে’ত মকৰল হোৱা ডিগম্বৰ বডোৱে বিগত ১৩ বছৰত চৰকাৰৰ পৰা সৰকালে প্রায় ৩০ লাখ টকা৷

ইফালে ডি এফ অ’ তেজস্ব মাৰিস্বামীৰ ঘনিষ্ঠ হোৱা বাবে আন ৩জন বিষয়া–কর্মচাৰীয়ে অৱসৰৰ পাছতো কাম কৰি আছে চিৰিয়াখানাত৷ অর্থাৎ চাকৰিৰ কার্যকাল অন্ত পৰাৰ পাছতো ডাঃ বিজয় গগৈয়ে বিগত ২ বছৰ ধৰি চৰকাৰৰ পৰা লৈ আছে শকত হাৰত দৰমহা৷ অনুৰূপ ধৰণে প্রিয় বৰবৰা আৰু কুলেশ ডেকা চাকৰিৰ অৱসৰৰ পাছতো গ্রহণ কৰি আছে চৰকাৰী দৰমহা৷ ফলত প্রতিমাহে শৰাধ হৈছে চৰকাৰৰবৃহৎ ধন৷ উল্লেখ যে ডাঃ বিজয় গগৈৰ পোনপটীয়া সহযোগতে ডি এফ অ’ তেজস্ব মাৰিস্বামীয়ে অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা আম্বানিৰ চিৰিয়াখানালৈ প্রেৰণ কৰিছিল ৩টাকৈ ব্লেক পেন্থাৰ৷

ইফালে, অভিযোগ অনুসৰি প্রিয় বৰবৰাই চৰকাৰী বেতন লাভ কৰাৰ সমান্তৰালভাৱে চিৰিয়াখানাৰ পাণ বিক্রী কৰি মাহেকত লাভ কৰি আছে হাজাৰ হাজাৰ টকা৷ এফালে ব্লেক পেন্থাৰ, আনফালে অনিয়মেৰে ৪জনকৈ কর্মচাৰীক নীতি বহির্ভূতভাৱে ৰাখি আহিছে ডি এফ অ’ তেজস্ব মাৰিস্বামীয়ে৷ তদুপৰি চিৰিয়াখানাৰ একাংশ কর্মচাৰীয়ে ‘নিয়মীয়া বার্তা’ৰ আগত উন্মোচন কৰিছে আন এক ভয়ংকৰ তথ্য৷ অসম ৰাজ্যিক চিৰিয়াখানাত চিচি টিভি সংলগ্ণ কৰাৰ নামতো কোটি কোটি টকা আত্মসাৎ কৰিছে ডি এফ অ’ই৷

কেৱল ইমানেই নহয়, এইগৰাকী বিতর্কিত ডি এফ অ’ই নিবিদা অবিহনে নিজৰ ঘনিষ্ঠ ঠিকাদাৰৰ হতুৱাই কৰিছে কোটি কোটি টকাৰ কাম৷ অসম ৰাজ্যিক চিৰিয়াখানাত সংঘটিত ব্যাপক অনিয়ম–কেলেংকাৰিৰ মাজতে ডি এফ অ’গৰাকীক সুৰক্ষিত স্থানলৈ বনমন্ত্রীয়ে বদলি কৰাক লৈও সৃষ্টি হৈছে ব্যাপক প্রতিক্রিয়া৷ ব্লেক পেন্থাৰৰ পৰা আৰম্ভ কৰি অসম ৰাজ্যিক চিৰিয়াখানাত ডি এফ অ’ তেজস্ব মাৰিস্বামীয়ে সংঘটিত কৰা অনিয়ম আৰু বৃহৎ কেলেংকাৰিৰ তদন্ত কৰিবলৈ মুখ্যমন্ত্রীৰ হস্তক্ষেপ বিচাাৰিছে চিৰিয়াখানাৰ শুভাকাংক্ষীসকলে৷

(নিয়মীয়া বাৰ্তাত প্ৰকাশিত)

RELATED ARTICLES