peepl-small

সোণাপুৰত দুৰ্ঘটনাত পতিত আঙুৰলতা ডেকাৰ কনভয়, আহত ৩

PUBLISHED:

গুৱাহাটী : আজি সোণাপুৰত দুৰ্ঘটনাত পতিত হ’ল বিধায়িকা আঙুৰলতা ডেকাৰ কনভয়। দুৰ্ঘটনাত বিধায়িকাগৰাকী সৌভাগ্যক্ৰমে আঘাত নোপোৱাকৈ ৰক্ষা পৰে যদিও দুই দেহৰক্ষী আৰু গাড়ীচালকগৰাকী আহত হয়। আহত কেউগৰাকীকে সোণাপুৰ স্বাস্থ্যকেন্দ্ৰলৈ লৈ যোৱা হয়।

এখন খেৰভৰ্তি ট্ৰাকেৰে সংঘৰ্ষ হোৱাৰ ফলত দুৰ্ঘটনাগ্ৰস্ত হয় বিধায়িকা ডেকাৰ কনভয়। সোণাপুৰ কলেজ গেটৰ সমীপত হোৱা এই দুৰ্ঘটনাৰ ফলত সাময়িকভাৱে যান-জঁট লাগে কলেজ গেটত। বিধায়িকগৰাকীয়ে নিজেই যান-জঁটত আবদ্ধ গাড়ীসমূহ মুক্ত কৰিবলৈ চেষ্টা কৰে। ইয়াৰ পিছত সমষ্টিলৈ গমন কৰে বিধায়িকা আঙুৰলতা ডেকাই।

RELATED ARTICLES