peepl-small

উত্তৰ–পূবৰ মুখ্যমন্ত্রী মুখ্য সচিব–ডিজিপিৰে আজি শ্বাহৰ বৈঠক

PUBLISHED:

গুৱাহাটীঃ দুদিনীয়া অসম–মেঘালয় ভ্রমণসূচীৰে আজি শ্বিলঙত উপস্থিত হ’ব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ এই ভ্রমণকালত কেইবাটাও গুৰুত্বপূর্ণ প্রকল্প আৰু আঁচনিৰ শুভাৰম্ভ কৰাৰ লগতে উত্তৰ–পূর্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্রী, মুখ্য সচিব আৰু আৰক্ষী সঞ্চালকপ্রধানেৰে বৈঠকত মিলিত হ’ব৷

প্রাপ্ত তথ্য অনুসৰি উত্তৰ–পূর্বাঞ্চলৰ মুখ্যমন্ত্রীসকলৰ সৈতে হ’বলগীয়া বৈঠকত বিভিন্ন ৰাজ্যৰ সীমা বিবাদ, উন্নয়নমূলক কাম–কাজ, আইন–শৃংখলাজনিত পৰিস্থিতি আদি বিষয়ে ঠাই পোৱাৰ সম্ভাৱনা আছে৷ কাইলৈ শ্বিলংস্থিত ৰাজ্যিক সমাৱর্তন কেন্দ্রত বিয়লি ৫.৩০ বজাত মুখ্যমন্ত্রীসকলৰ সৈতে কেন্দ্রীয় গৃহমন্ত্রীগৰাকী মিলিত হ’ব৷ ইয়াৰ পূর্বে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে নর্থ–ইষ্ট স্পেচ এপ্লিকেচন চেণ্টাৰৰ বহুমুখী আলোচনা কেন্দ্র আৰু প্রদর্শন কেন্দ্র উদ্বোধন কৰিব৷ তদুপৰি মাভিয়াঙত আন্তঃৰাজ্যিক বাছ টার্মিনেল তথা উমছাভলীত অক্সিজেন প্লাণ্ট আৰু শিশু চিকিৎসা ৱার্ড তেওঁ উদ্বোধন কৰিব৷ অহা ২৫ জুলাইত পুৱাৰ ভাগত শ্বিলঙত কেইবাটাও অনুষ্ঠানত অংশগ্রহণ কৰাৰ পাছত তেওঁ বিয়লি গুৱাহাটীত উপস্থিত হ’ব৷ কামাখ্যা মন্দিৰ দর্শন কৰাৰ পাছতে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ৰেডিঅ’ থেৰাপী ব্লক আৰু নতুন এল আই এন এ চি মেচিন উদ্বোধন কৰিব কেন্দ্রীয় গৃহমন্ত্রীজনে৷ এই অনুষ্ঠানৰ পাছতে বিয়লি ৫.৩০ বজাত শংকৰদেৱ কলাক্ষেত্রত ক’ভিডত মৃত্যু হোৱা লোকসকলৰ আত্মীয়ক আর্থিক সাহায্য প্রদান কৰাৰ লগতে তামুলপুৰ মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে৷

RELATED ARTICLES