peepl-small

বাৰিষাৰ পূর্বেই মথাউৰি নির্মাণ সম্পূর্ণ কৰিবলৈ নির্দেশ মন্ত্রী পীয়ূষৰ

PUBLISHED:

গুৱাহাটী: অহা ২০ দিনৰ ভিতৰত ৰাজ্যৰ নির্মীয়মাণ মথাউৰিসমূহৰ কাম ঠিকাদাৰসকলে সম্পূর্ণ কৰিব লাগিব৷ কামত গাফিলতি কৰা, নিম্নমানৰ কাম কৰা, সময়ত কাম সম্পূর্ণ নকৰা ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ কার্যব্যৱস্থা গ্রহণ কৰা হ’ব৷ –দেওবাৰে কামৰূপ জিলাৰ কমলপুৰ ৰাজহ চক্রৰ অন্তর্গত আঠগাঁৱত পুঠিমাৰী নৈৰ নির্মীয়মাণ মথাউৰি পৰিদর্শন কৰি জলপম্পদ মন্ত্রী পীয়ূষ হাজৰিকাই এই মন্তব্য কৰে৷ জলসম্পদ বিভাগৰ দায়িত্বভাৰ গ্রহণ কৰি প্রথমটো মথাউৰি পৰিদর্শনকালত মন্ত্রী হাজৰিকাই কয় যে পুঠিমাৰী নৈৰ দুয়োপাৰে ৪৬ কিলোমিটাৰ মথাউৰি সবলীকৰণৰ কাম আৰম্ভ কৰা হৈছে৷

পূর্বৰ জলসম্পদ মন্ত্রী কেশৱ মহন্তৰ দিনতেই এই কাম আৰম্ভ হয়৷ ৬৯ কোটি টকা ব্যয় সাপেক্ষে আৰম্ভ কৰা এই কামৰ এজন ঠিকাদাৰে ৯০ শতাংশ কাম সম্পূর্ণ কৰাৰ বিপৰীতে এজনে ৫২ শতাংশ কাম সম্পূর্ণ কৰিছে৷ অহা ২০ দিনৰ ভিতৰত নির্মীয়মাণ মথাউৰি কাম সম্পূর্ণ নহ’লে ঠিকাদাৰক ব্লেক লিষ্টেড কৰাৰো হুংকাৰ দিয়ে৷ নৈপৰীয়া ৰাইজৰ জীৱনক লৈ হেতালি খেলিলে সংশ্লিষ্ট ঠিকাদাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে গাফিলতি কৰা ঠিকাদাৰক জলসম্পদ বিভাগতে নহয়, ৰাজ্য চৰকাৰৰ কোনো বিভাগতে ঠিকা নিদিয়াৰো হুংকাৰ দিয়ে৷

পুঠিমাৰী নৈৰ মথাউৰি নির্মাণত জড়িত শৈলেন শর্মা নামৰ ঠিকাদাৰগৰাকীয়ে নিম্ন মানৰ আৰু লেহেমীয়া কাম কৰাটোত তেওঁ ক্ষোভ প্রকাশ কৰে৷ কামৰ মানৰ লগত কোনো আপোচ কৰা নহ’ব বুলি স্পষ্ট কৰি দি মন্ত্রী হাজৰিকাই কয় যে স্পেচিফিকেচন মতে ঠিকাদাৰসকলে কাম কৰিব লাগিব৷ ঠিকাদাৰসকল বন্ধুও নহয়, শত্রুও নহয়৷ সেয়ে তেওঁ প্রতিগৰাকী ঠিকাদাৰক কামৰ গতি ক্ষিপ্র কৰাৰ নির্দেশ দিয়ে৷ অহাবর্ষৰ পৰা মথাউৰি নির্মাণকার্য নির্দিষ্ট সময়ৰ ভিতৰত সম্পূর্ণ কৰা হ’ব বুলি মন্ত্রী হাজৰিকাই সাংবাদিকক জানিবলৈ দিয়ে৷

সেইদৰে মন্ত্রী হাজৰিকাই দেওবাৰে দিনটোতে হাজো সমষ্টিত উপস্থিত হৈ সমষ্টিটোৰ অন্তর্গত মথাউৰি আৰু নৈপৰীয়া ঠাইসমূহ পৰিদর্শন কৰে৷ আহি থকা বাৰিষাৰ সময়খিনিত যাতে বিগত সময়ৰ দৰে নৈপৰীয়া ৰাইজসকলে কোনো সমস্যাৰ সন্মুখীন নহয় তাৰ প্রতি লক্ষ্য ৰাখি অতি ক্ষিপ্রতাৰে মথাউৰিসমূহৰ যাৱতীয় মেৰামতি কৰিবলৈ বিষয়া আৰু ঠিকাদাৰসকলক নির্দেশ দিয়ে৷ মন্ত্রী হাজৰিকাৰ কমলপুৰত মথাউৰি পৰিদর্শনকালত স্থানীয় বিধায়ক দিগন্ত কলিতা আৰু হাজোত বিধায়িকা সুমন হৰিপ্রিয়াৰ লগতে জলসম্পদ বিভাগৰ উচ্চপদস্থ বিষয়াবর্গ উপস্থিত থাকে৷

RELATED ARTICLES