peepl-small

প্ৰয়োজনত নিৰ্বাচন নেখেলে অখিল গগৈয়ে, কাৰাগাৰৰ পৰা লিখা চিঠিত জনালে বহু কথা

PUBLISHED:

গুৱাহাটীঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে অসমৰ বিজেপিবিৰোধী ৰাজনৈতিক দলসমূহক উদ্দেশ্যি লিখা এখন চিঠি আজি পাঠ কৰে ৰাইজৰ দলৰ কাৰ্যবাহী সভাপতি ভাস্কো ডি শইকীয়াই।

কাৰাৰুদ্ধ কৃষক নেতা গগৈয়ে গগৈয়ে মদগৰ্বিতাৰ সলনি জনগণৰ কল্যাণৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে বিৰোধী দলবোৰৰ এজন উমৈহতীয়া প্ৰাৰ্থী থিয় কৰোৱাৰ পোষকতা কৰে। প্ৰয়োজন হ’লে অখিল গগৈয়ে নিজে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে বুলিও এই চিঠিখনৰ জৰিয়তে স্পষ্টকৈ উল্লেখ কৰে।

ৰাজনৈতিক দলৰ লগতে অসমবাসীৰ ৰাইজৰ বিবেচনাৰ্থে এই চিঠিখন প্ৰেৰণ কৰে। গগৈয়ে পঠিওৱা চিঠিত সাম্প্ৰতিক ৰাজনৈতিক কুচকাৱাজক লৈ গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰে আৰু সকলো কথাবোৰ যুক্তিপূৰ্ণভাৱে বিবেচনা কৰিবলৈ আহ্বান জনাইছে।

 বিৰোধী দলসমূহৰ সাম্প্ৰতিক ৰাজনৈতিক কৌশল বিজেপিক পৰাভূত কৰিবৰ বাবে যথোপযুক্ত নহয় বুলি উল্লেখ কৰি গগৈয়ে বিজেপিক বিজয়ৰ পথ উলিয়াই নিদিবলৈ সকলো পক্ষলৈ আহ্বান জনায়।

আনহাতে গগৈয়ে এআইইউডিএফৰ লগত কংগ্ৰেছৰ মিত্ৰতা হোৱাটো এটা ঐতিহাসিক ভুল সিদ্ধান্ত বুলি চিঠিত উল্লেখ কৰে।

উল্লেখ্য, কালি লুৰিণজ্যোতি গগৈৰ লগত জি এম চি এইচত সাক্ষাত হৈছিল গগৈৰ। তাৰ এদিন পিছতে চিঠি লিখি বিজেপিৰ বিৰুদ্ধে উমৈহতীয়া প্ৰাৰ্থী থিয় কৰোৱাৰ প্ৰস্তাৱ দিয়ে গগৈয়ে।

RELATED ARTICLES