peepl-small

অসমত এইবাৰ দাড়ি–লুঙিৱালাৰ চৰকাৰঃ আজমল পুত্ৰৰ সাম্প্ৰদায়িক ৰাজনীতি

PUBLISHED:

গুৱাহাটীঃ সম্পূর্ণ সাম্প্রদায়িক মন্তব্যৰে অসমীয়া সমাজখনত বিৰাজমান হৈ থকা ঐক্য–শান্তি, সংহতি–সম্প্রীতি থানবান কৰি ভোটলাভৰ অংকত নামিছে কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ অন্যতম অংশীদাৰ দল এ আই ইউ ডি এফ৷ প্রথম পর্যায়ৰ নির্বাচন শেষ হোৱাৰ পাছতেই এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে এইবাৰ অসমত মহাজোঁটৰ চৰকাৰ গঠন হ’ব বুলি দাবী কৰিয়েই ক্ষান্ত নাথাকি সেই চৰকাৰৰ তলা–চাবি তেওঁৰ হাতত থাকিব আৰু মহাজোঁটৰ মন্ত্রীসভাত কাক মন্ত্রিত্ব দিব, সেয়া তেৱেঁই নির্ধাৰণ কৰিব বুলি সদম্ভে মন্তব্য কৰে৷

বৃহস্পতিবাৰে দ্বিতীয় পর্যায়ৰ নির্বাচন শেষ হোৱাৰ পাছত আজমল আৰু তেওঁৰ বাহিনী অধিক আগ্রাসী হৈ পৰিছে৷ আজি ভৱানীপুৰত এ আই ইউ ডি এফৰ আগ্রাসী চৰিত্রৰ বহিঃপ্রকাশ ঘটালে আজমলৰ লগতে তেওঁৰ বিধায়ক পুত্র আব্দুৰ ৰহিম আজমলে৷ আজমল পুত্রই আজি নির্বাচনী প্রচাৰ সভাখনত চূড়ান্ত সাম্প্রদায়িক দৃষ্টিভংগী প্রকট কৰি কয় যে এইবাৰ অসমত দাড়ি–টুপী–লুঙিৱালাৰ্ চৰকাৰ হ’ব৷ ভৱানীপুৰ সমষ্টিৰ এডিপি হাইস্কুল খেলপথাৰত আয়োজিত সমষ্টিটোৰ দলীয় প্রার্থী ফণীধৰ তালুকদাৰৰ সমর্থনত নির্বাচনী প্রচাৰ সভাখনত আজমল পুত্রই ভাষণত কয়– আমি এন আৰ চিৰ পৰা মুক্তি বিচাৰোঁ, ‘কা’ৰ পৰা মুক্তি বিচাৰোঁ৷ বিজেপি চৰকাৰৰ পৰা মুক্তি বিচাৰোঁ৷ আমি সমগ্র অসমতে শ্লোগান দিছোঁ– বিজেপি হটাও অসম বচাও৷ এডাল লাঠী ভাঙিবলৈ সহজ, কিন্তু আমি এইবাৰ ৭ডাল লাঠী লগ হৈছোঁ, যাক বিজেপিয়ে ভাঙিব নোৱাৰে৷

মহাজোঁটৰ চৰকাৰ হ’লে সেন্দূৰ পিন্ধা মহিলাসকলৰ যি সন্মান থাকিব, বোর্খা পিন্ধা মহিলাসকলৰো একে সন্মান থাকিব৷ এজন সাধুৰ যি সন্মান থাকিব, মোল্লাৰো একেই সন্মান থাকিব৷ দাড়ি–টুপীৰ যি সন্মান, ধুতী পিন্ধাৰো একে সন্মান চৰকাৰত থাকিব লাগিব৷ মহাজোঁটৰ চৰকাৰ হ’ব দুখীয়া–দৰিদ্রৰ চৰকাৰ৷ সেই একেখন সভাতেই এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে এইবাৰ অসমত মহাজোঁটৰ চৰকাৰ হোৱাটো নিশ্চিত হৈছে বুলি মন্তব্য কৰে৷ তিনিটা পর্যায়ত ৰাজ্যখনত হোৱা নির্বাচনত সাম্প্রদায়িক দৃষ্টিভংগীৰে আজমলে কয় যে প্রথম পর্যায়ৰ উজনি অসম বিজেপিৰ আছিল৷ তাতো আমি মহাজোঁটে এইবাৰ বেছি আসন পাম৷ কালি ভোটগ্রহণ হোৱা দ্বিতীয় পর্যায় আমাৰ৷ কালিও আমি যথেষ্ট আসন পাইছোঁ৷

অহা ৬ এপ্রিলত ভোটগ্রহণ হ’বলগীয়া তৃতীয় পর্যায়ৰ নির্বাচনত ৯৫ শতাংশ ভোট আমিয়েই লাভ কৰিম৷ তৃতীয় পর্যায়ত বিজেপিৰ কোনো আসন নাই৷ তেওঁ লগতে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদক সমালোচনা কৰি কয় যে এই দলবোৰে বিজেপিক জিকোৱাৰ বাবে কাম কৰি আছে৷ দল দুটাই সংখ্যালঘু সম্প্রদায়ৰ লোকক টিকট প্রদান কৰি ভোট বিভাজনেৰে বিজেপিক জয়ী কৰোৱাৰ চেষ্টা কৰিছে৷ মুঠতে আজমল আৰু আজমল পুত্রই সমগ্র নির্বাচনী প্রচাৰ সভাখনত সাম্প্রদায়িক দৃষ্টিভংগীৰে ভোটৰ অংক কৰাতহে ব্যস্ত হোৱা পৰিলক্ষিত হয়৷

RELATED ARTICLES