peepl-small

এহেজাৰ পঞ্চায়ত–ব্লক–মণ্ডল পর্যায়ৰ নেতাৰ সৈতে বিজেপিত যোগ দিয়াৰ তৎপৰতা অজন্তাৰ

PUBLISHED:

গুৱাহাটীঃ কংগ্রেছৰ প্রভাৱশালী নেত্রী, প্রাক্তন মন্ত্রী তথা বর্তমানৰ বিধায়িকা অজন্তা নেওগৰ বিজেপিত সম্ভাব্য যোগদানক লৈ বৰভূঁইকঁপে দেখা দিছে কংগ্রেছত৷ এক সূত্রৰ পৰা জানিব পৰা মতে, চলিত বিদায়ী বর্ষৰ অন্তিম সপ্তাহতে কংগ্রেছ নেত্রীগৰাকীয়ে কংগ্রেছ এৰি আনুষ্ঠানিকভাৱে বিজেপিত যোগদানৰ কথা৷

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ অসম ভ্রমণৰ সময়তে অহা ২৭ ডিচেম্বৰত তেওঁ আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰাৰ কথা৷ সূত্রটোৱে প্রকাশ কৰা অনুসৰি প্রায় এহেজাৰ ব্লক, মণ্ডল, পঞ্চায়ত পর্যায়ৰ নেতা–কর্মীক লৈ তেওঁ বিজেপিত যোগদানৰ যো–জা চলাইছে৷

কালি নিশাৰ পৰা আজি দিনৰ ভাগলৈকে নেওগে তিনি সহস্রাধিক লোকৰ লগত পৃথকে পৃথকে কেইবাখনো বৈঠকত অংশগ্রহণ কৰি বিজেপি গমন সম্পর্কে সমষ্টিবাসীক অৱগত কৰে৷ নেওগে গোলাঘাটৰ এৰেংগাপাৰাৰ নিজ বাসগৃহত সমষ্টিবাসীৰ পৰা সঁহাৰি বিচাৰি পৃথকে পৃথকে কেইবাখনো বৈঠকত মিলিত হয়৷

ইপিনে অজন্তা নেওগৰ সম্ভাব্য বিজেপি গমনৰ বাতৰিৰ পাছতেই গোলাঘাটত বাহৰ পাতিছে অসম প্রদেশ কংগ্রেছ কমিটীৰ এটা বিশেষ দলে৷ গোলাঘাট সমষ্টিৰ গমাৰি, পুৰণা আঠখেলীয়া আদিত কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে কেইবাখনো দলীয় সভা অনুষ্ঠিত কৰি দলটোক ধৰি ৰখাৰ চেষ্টা চলায় যদিও সভাসমূহত জনতাৰ উপস্থিতি তেনেই সেৰেঙা৷

২০ বছৰে কংগ্রেছৰ দখলত থকা গোলাঘাট বিধানসভা সমষ্টিটো প্রকৃততে কংগ্রেছৰ দুর্গ নে অজন্তাৰ দুর্গ, তাক লৈ প্রশ্ন উত্থাপন হৈছে৷ আজি নিশাৰ ভাগত সাংসদ গৌৰৱ গগৈ আৰু ৰাণী নৰহ গোলাঘাট জিলা কংগ্রেছ কার্যালয়ত উপস্থিত হৈ দলীয় নেতা–কর্মীৰ লগত আন এখন আলোচনাত মিলিত হয়৷

কংগ্রেছত চৰম অৰাজকতাঃ ৰূপজ্যোতিৰ বিৰুদ্ধে দলীয় অনুশাসন ভংগৰ অভিযোগ ৰিপুণৰ, শ্বক’জ কৰিবলৈ অ’পেন চেলেঞ্জ ৰূপজ্যোতিৰ

জ্যেষ্ঠ কংগ্রেছ নেত্রী, গোলাঘাটৰ বিধায়িকা অজন্তা নেওগে বিজেপিত যোগদান কৰিব বুলি চলা চর্চাই কংগ্রেছৰ ৰাজনীতিত তীব্র জোকাৰণি সৃষ্টি কৰাৰ সময়তে দলটোত উদ্ভৱ হৈছে চৰম অৰাজকতা৷ দললৈ নামি অহা বিপর্যয়ৰ বাবে জ্যেষ্ঠ কংগ্রেছ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাক পোনপটীয়াভাৱে জগৰীয়া কৰি অহাই নহয়, নতুন বছৰৰ আৰম্ভণিতে ৰিপুণ বৰাক দলীয় নেতৃত্বৰ পৰা আঁতৰাই আন এজন নেতাক দলৰ নেতৃত্ব দিবলৈ ৰাজহুৱাভাৱে দাবী উত্থাপন কৰে৷

বিধায়ক কুর্মীৰ তেনেধৰণৰ আচৰণ তথা মন্তব্যক দলীয় শৃংখলা ভংগ বুলি অভিহিত কৰি প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই কয় যে ৰূপজ্যোতি কুর্মী কংগ্রেছ দলৰ এজন বিধায়ক৷ দলৰ ভিতৰুৱা কথা, সভাপতিৰ নেতৃত্বৰ কথা প্রচাৰ মাধ্যমত ৰাজহুৱাভাৱে কোৱাটো উচিত হোৱা নাই৷ কিবা ক’ব লগা থাকিলে তেওঁ সেই বিষয়ে দলীয় মঞ্চ বা হাইকমাণ্ডক ক’ব পাৰে৷ তেওঁৰ বাহিৰে দলৰ কোনো বিধায়কে নেতৃত্ব পৰিৱর্তনৰ কথা কোৱা নাই৷ ৰূপজ্যোতি কুর্মীৰ বিৰুদ্ধেও তেওঁৰ বহু ক’ব লগা আছে বুলি উল্লেখ কৰি সভাপতি বৰাই কয় যে তেওঁৰ যি ক’ব লগা আছে, হাইকমাণ্ডক ক’ব৷ প্রচাৰ মাধ্যমৰ আগত নকয়৷ দলীয় শৃংখলা তেওঁ ভংগ নকৰে৷

ইপিনে সভাপতি বৰাৰ সেই মন্তব্যৰ পাছতেই বিধায়ক কুর্মীয়ে প্রতিক্রিয়া ব্যক্ত কৰি কয় যে দলত অনুশাসন ভংগৰ বহু নজিৰ আছে৷ অনুশাসনৰ ক্ষেত্রত আগৰে পৰা ৰিপুণ বৰা কঠোৰ হৈ শৃংখলা ভংগকাৰীসকলক শ্বক’জ, নিলম্বন আদি কৰা হ’লে আজি এনে অৱস্থা নহ’লহেঁতেন৷ সভাপতি বৰাৰ দক্ষতাৰ অভাৱৰেই হয়তো বহুতে এতিয়া সুযোগ লৈছে৷ সভাপতি বৰাক তেওঁ প্রত্যাহ্বান জনাই কয়– ৰিপুণ বৰাই মোক শ্বক’জ দিয়ক, মই উত্তৰ দিবলৈ সাজু৷

তেওঁ আৰু কয় যে প্রদেশ কংগ্রেছৰ সভাপতিগৰাকীক ভোটৰ জৰিয়তে নির্বাচিত কৰিলে দলটো ভাল হ’ব বুলি তেওঁ বিশ্বাসী৷ বর্তমান যিসকল কর্মী হতাশাত বহি আছে, নতুন নেতা পালে তেওঁলোকে নতুন উদ্যমেৰে কাম কৰাৰ বাবে উৎসাহিত হ’ব৷ অসমৰ বহু প্রান্তৰ পৰা তৃণমূল কর্মীয়ে তেওঁক সেই কথা কৈছে৷ এ আই ইউ ডি এফৰে মিত্রতাৰ প্রসংগতো প্রতিক্রিয়া ব্যক্ত কৰি বিধায়ক কুর্মীয়ে কয় যে ২০১৯ চনৰ লোকসভা নির্বাচনৰ আগে আগে প্রদেশ কংগ্রেছৰ বর্ধিত কার্যনির্বাহক বৈঠকে এ আই ইউ ডি এফৰে মিত্রতা নকৰাৰ সিদ্ধান্ত লৈছিল৷

সেই সিদ্ধান্ত এতিয়াও বাহাল আছে৷ তাৰ পাছতো বিটিচি নির্বাচনত কংগ্রেছে কেনেকৈ এ আই ইউ ডি এফৰে মিত্রতা কৰিলে? সভাপতি ৰিপুণ বৰাই বদৰুদ্দিন আজমলৰ সৈতে একেখন হেলিকপ্ঢাৰত উঠি যৌথভাৱে নির্বাচনী প্রচাৰ চলালে, সেই বিষয়েও তেওঁ প্রশ্ণ উত্থাপন কৰে৷

RELATED ARTICLES