peepl-small

হাতত পদুম তুলি ল’ব নেকি অজন্তা নেওগে? ৰাজ্যৰ ৰাজনীতিত ধুমুহা

PUBLISHED:

গুৱাহাটীঃ তৰুণ গগৈৰ কাৰ্যকালৰ কেবিনেট মন্ত্ৰী তথা বৰ্তমানৰ গোলাঘাটৰ বিধায়িকা অজন্তা নেওগে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিব বুলি ওলোৱা খবৰে ৰাজ্যৰ ৰাজনীতিত সৃষ্টি কৰিছে ধুমুহা।কংগ্ৰেছ চৰকাৰৰ অন্যতম সফল নেত্ৰী, দক্ষ ৰাজনীতিবিদ তথা উজনিৰ শক্তিশালী নেত্ৰী অজন্তা নেওগৰ বিজেপি গমনৰ ফলত উজনি অসমত কংগ্ৰেছৰ ভেটিত খহনীয়া সৃষ্টি হ’ব বুলি দলটোৰ ভিতৰচ’ৰাত আশংকাৰ সৃষ্টি হৈছে।

কংগ্ৰেছ ত্যাগ সন্দৰ্ভত প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে এতিয়াও কোনো কথা ৰাজহুৱা কৰা নাই যদিও নেওগৰ ঘৰত বিগত কিছুদিনৰে পৰা দলীয় কৰ্মীসকলৰ সৈতে বৈঠক অনুষ্ঠিত হৈ আহিছে। বিধায়িকা অজন্তা নেওগৰ গোলাঘাটৰ বাসগৃহত কংগ্ৰেছৰ পঞ্চায়ত প্ৰতিনিধিসকলৰ সৈতে ইখনৰ পাছত সিখনকৈ অনুষ্ঠিত হৈছে ৰুদ্ধদ্বাৰ বৈঠক।      

আনহাতে, অজন্তা নেওগৰ বিজেপি গমনৰ খবৰে বিপাঙত পেলাইছে গোলাঘাট জিলা কংগ্ৰেছক। কিয়নো এই সন্দৰ্ভত জিলা কংগ্ৰেছ কমিটীয়ে উমঘামেই পোৱা নাই।

এই সন্দৰ্ভত এগৰাকী কংগ্ৰেছ কৰ্মীয়ে কয়—“অজন্তা নেওগৰ বিজেপি গমনৰ কথাটো আমি কাণেৰে শুনিছোঁ। কিন্তু বাস্তৱত আমাৰ দলে বা জিলা কংগ্ৰেছৰ কোনো কৰ্মীয়ে ঘুণাক্ষৰেও গম পোৱা নাই। এই সম্পৰ্কত জিলা কংগ্ৰেছৰ সভানেত্ৰী বা বিধায়িক অজন্তা নেওগে আমাক একো অৱগত কৰা নাই।”

আনহাতে, এগৰাকী অজন্তা নেওগে দলত্যাগ কৰিলে কংগ্ৰেছত হাজাৰগৰাকী অজন্তা নেওগৰ জন্ম হ’ব বুলি মন্তব্য কৰিছে গোলাঘাটৰ আন এগৰাকী কংগ্ৰেছ কৰ্মীয়ে।

“কংগ্ৰেছৰ হাত কোনেও কমজোৰ কৰিব নোৱাৰে। এগৰাকী অজন্তা নেওগ গ’লে দহগৰাকী অজন্তা নেওগ ওলাব।”—কংগ্ৰেছ কৰ্মীগৰাকীয়ে এনেদৰে কয়।

RELATED ARTICLES