peepl-small

স্বাস্থ্যমন্ত্রী ড০ শর্মাৰ সকীয়নিঃ ১৫ মে’ৰ পাছতহে উন্নত হ’ব ৰাজ্যৰ ক’ভিড পৰিস্থিতি

PUBLISHED:

গুৱাহাটী: ৰাজ্যত দ্রুতগতিত বৃদ্ধি পোৱা ক’ভিডৰ সংক্রমণ ১৫ মে’ৰ পাছতহে হ্রাস পোৱাৰ সম্ভাৱনা আছে৷ আজি এই কথা উল্লেখ কৰিলে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ উল্লেখ্য যে ৰাজ্যত ক’ভিড আক্রান্তৰ সংখ্যা ইতিমধ্যে এদিনত তিনি হাজাৰ অতিক্রম কৰিছে৷ আনহাতে, শেহতীয়াকৈ মৃত্যুৰ সংখ্যা মুঠ ৬৫জনলৈ বৃদ্ধি পাইছে৷ সোমবাৰৰ দিনটোত ক’ৰোনাত আক্রান্ত হৈ ১৫জন লোকৰ মৃত্যু হৈছে৷ এনে অৱস্থাত ক’ৰোনাৰ সংক্রমণ কেতিয়া হ্রাস পাব, তাক লৈ চলি থকা চর্চাৰ মাজতে আজি মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ মন্তব্য– পূর্বৰ অভিজ্ঞতা অনুসৰি ক’ভিডৰ গ্রাফডাল ওলোটাকৈ আহিবলৈ হ’লে ১৫–২০ সময়ৰ প্রয়োজন হ’ব৷ সেই অনুসৰি ১৫ মে’ৰ পাছতহে সংক্রমণ হ্রাস হ’ব৷

ক’ভিডৰ এনে সংক্রমণ বৃদ্ধিৰ প্রতি লক্ষ্য কৰি ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগে সকলো ধৰণৰ প্রতিৰোধৰ ব্যৱস্থা গ্রহণ কৰাৰ লগতে চিকিৎসালয়সমূহত পর্যাপ্ত বিছনা, আই চি ইউ আৰু অক্সিজেনৰ ব্যৱস্থা কৰা বুলিও উল্লেখ কৰি মন্ত্রীগৰাকীয়ে কয় যে চৰকাৰে আক্রান্তসকলৰ বাবে সকলো ধৰণৰ চিকিৎসা ব্যৱস্থা কৰিছে৷ সমান্তৰালভাৱে সংক্রমণ প্রতিৰোধৰ বাবে প্রট’কলসমূহ জাৰি কৰা হৈছে৷ এই ব্যৱস্থাৰে ক’ভিডৰ সংক্রমণ হ্রাস হ’ব বুলি ধাৰণা কৰা হৈছে৷

ইফালে সংক্রমণ বৃদ্ধিৰ বাবে লকডাউনৰ সম্ভাৱনাক লৈ অৱতাৰণা হোৱা প্রশ্ণৰ উত্তৰ দি মন্ত্রীগৰাকীয়ে কয়– প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ইতিমধ্যে স্পষ্ট কৰিছে যে লকডাউন দিব নালাগে৷ তদুপৰি ৰাষ্ট্রীয় টেলিভিছনত এই সন্দর্ভত চলা পর্যালোচনাত বিশেষজ্ঞসকলে স্পষ্ট কৰি দিছে যে লকডাউনে ক’ৰোনাৰ সংক্রমণ হ্রাস কৰাত বিশেষ কোনো সহায় নকৰে৷ গতিকে ৰাজ্য চৰকাৰসমূহে সংক্রমণ প্রতিৰোধৰ ক্ষেত্রত নিজা নিজা ব্যৱস্থা গ্রহণ কৰিছে৷

RELATED ARTICLES