peepl-small

এবাৰতে ১০টা শিশু জন্ম দি অভিলেখ সৃষ্টি এগৰাকী মহিলাৰ

PUBLISHED:

গুৱাহাটীঃ দক্ষিণ আফ্রিকাত এগৰাকী মহিলাই এবাৰতে ১০টা শিশু জন্ম দি অভিলেখ সৃষ্টি কৰিছে৷ ৩৭ বছৰীয়া এই মহিলাগৰাকীয়ে এবাৰতে জন্ম দিছে তিনি কন্যা আৰু ৭ পুত্রক৷ জন্মৰ পিছত আটাইকেইটা শিশুৱেই সুস্থ আছে বুলি চিকিৎসকে ঘোষণা কৰিছে৷ গছিয়ামে থামাৰা ছিথল নামৰ মহিলাগৰাকীয়ে একেলগে ১০টা শিশু জন্ম দিয়াৰ পিছত বিশ্বৰ সংবাদ মাধ্যমত বিষয়টোক লৈ ব্যাপক চর্চা চলিছে৷

ইফালে, চিকিৎসকসকলৰ মাজতো ইয়াক লৈ সৃষ্টি হৈছে আলোড়ন৷ ছবছৰ পূর্বে যমজ সন্তান জন্ম দিছিল ছিথলে৷ ছিজাৰিয়ান পদ্ধতিৰে চিকিৎসকে ছিথলৰ এই ১০টা শিশুৰ প্রসৱ কৰায়৷ ছিথলৰ ১০টা শিশুকে নিৰাপদে প্রসৱ কৰোৱা হয় প্রিট’ৰিয়াৰ এখন হাস্পতালত৷ লক্ষণীয়ভাৱে চিকিৎসকে ছিজাৰিয়ান পদ্ধতিৰে এই শিশুকেইটিক প্রসৱ কৰোৱাৰ সময়ত হাস্পতালতৰ স্বাস্থ্যকর্মীসকলৰ মাজত বিষয়টোক লৈ সৃষ্টি হয় তীব্র কৌতূহলৰ৷ ছিথলৰ টেব’হো ছটেটচিয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি একেলগে এই ১০টি শিশুৰ পিতৃ হৈ তেওঁ অত্যন্ত সুখী৷ উল্লেখ্য যে সাত মাহ সাত দিনৰ গর্ভৱতী অৱস্থাতেই চিকিৎসকে ছিজাৰিয়ান পদ্ধতিৰে ছিথলৰ সন্তান প্রসৱ কৰায় যোৱা ৭ নৱেম্বৰত৷

RELATED ARTICLES