peepl-small

ৰঙালী বিহুৰ আনন্দৰ মাজতে প্ৰান্তে প্ৰান্তে ২৫১ পথ দুৰ্ঘটনা

PUBLISHED:

গুৱাহাটী: ৰাজ্য়ৰ চৌদিশে এতিয়া অসমীয়া জাতিৰ হেপাহৰ ৰঙালী বিহুৰ আনন্দ উছাহৰ ধল বোৱা দেখা গৈছে। মহামাৰী কভিডৰ সংক্ৰমণ উদ্বেগজনক ভাৱে বৃদ্ধি পোৱাৰ মাজতো এইবাৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰঙালী বিহু উদযাপন কৰিছে প্ৰতিজন অসমীয়াই।

ৰঙালী বিহুৰ মাজতে ৰাজ্যত সংঘটিত হৈছে ৰঙালী বিহুৰ আনন্দৰ মাজতে প্রান্তে প্রান্তে ২৫১টা পথ ই শতাধিক পথ দুর্ঘটনা। ৰাজ্যৰ ভিন্ন প্রান্তত সংঘটিত পথ দুর্ঘটনাই বিহুৰ আনন্দ বহু পৰিমাণে ম্লান পেলাইছে। 

জৰুৰীকালীন সেৱা মৃত্যুঞ্জয় ১০৮ৰ পৰা লাভ কৰা তথ্য মতে যােৱা দুদিনত অর্থাৎ ১৪ আৰু ১৫ এপ্রিলত ৰাজ্যত  মুঠ ২৫১টা পথ দুর্ঘটনা সংঘটিত হৈছে। ইয়াৰ ভিতৰত ১৪ এপ্রিলত ৰাজ্যৰ মুঠ ২৭খন জিলাত ১১৫টা পথ ঘটনা সংঘটিত হৈছে। আনহাতে, ১৫ এপ্রিলত এই ২৭খন জিলাত সংঘটিত হৈছে ১৩৬টা পথ দুর্ঘটনা।

১০৮ তথ্য মতে যােৱা দুদিনত বিহুৰ আনন্দ-উলাহৰ মাজতে ৰাজ্যৰ বৰপেটা আৰু ওদালগুৰি জিলাত সর্বাধিক ২৩টাকৈ থ দুর্ঘটনা সংঘটিত হৈছে। ইয়াৰ পাছতে ধেমাজি আৰু গােলাঘাটত ২২টাকৈ পথ দুর্ঘটনা সংঘটিত হয়। যােৱা দিনত কামৰূপ জিলাত সংঘটিত হৈছে ২১টা পথ দুর্ঘটনা। আনহাতে, যােৱা দুটা দিনত কামৰূপ মহানগৰ জিলাত সংঘটিত হৈছে মুঠ ১৩টা পথ দুর্ঘটনা। সেইদৰে যােৱা দুনিত শােণিতপুৰত সংঘটিত হৈছে ১১টা পথ দুর্ঘটনা। লখিমপুৰ আৰু দৰং জিলাত সংঘটিত হৈছে ১০টাকৈ পথ দুর্ঘটনা।

উল্লেখ্য যে পহিলা বহাগৰ দিনাই গােলাঘাটৰ -চুপথাৰত সংঘটিত হয় এটা ভয়ংকৰ পথ দুর্ঘটনা। এই দুর্ঘটনাত দুজন যুৱকে থিতাতে কৰুণ মৃত্যুক সাবটি লয়। ই দুর্ঘটনাটোত মৃত্যু হােৱা লােক দুজন হিৰণ্য গগৈ আৰু জ্যোতিষ্মন গগৈ বুলি জানিব পৰা গৈছে। আনহাতে, পথ। ঘটনাটোত লাচিত গগৈ নামৰ আন এজন যুৱক আহত হৈছে।

১০৮ৰ এক সূত্রই জনােৱা মতে, ৰাজ্যত ৰঙালী হুৰ মাজতে সংঘটিত পথ দুর্ঘটনাত কিমান মানুহৰ মৃত্যু হৈছে, সেই তথ্য বর্তমান তেওঁলােকৰ হাতত নাই যদিও ই পথ দুর্ঘটনাত দুই শতাধিক লােক আহত হৈছে।

আহত লােকসকলৰ সৰহভাগেই বর্তমান হাস্পতালত চিকিৎসাধীন ২ আছে। ইয়াৰে কেইবাজনাে লােক সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। আনহাতে, এই পথ দুর্ঘটনাসমূহৰ ছিভাগেই সুৰাপান কৰি যান-বাহন চলােৱাৰ ফলতে সংঘটিত হােৱা বুজি জানিব পৰা গৈছে। এই পথ দুর্ঘটনাত হুসংখ্যক লােক চিৰদিনৰ বাবে ঘুণীয়া হ’বলগীয়া হৈছে।

RELATED ARTICLES