peepl-small

এবছুৰ অধিৱেশনক লৈ মুখৰ গহপুৰৰ বৰপুখুৰী

PUBLISHED:

গুৱাহাটীঃ ‘সকলো জাতি–জনগোষ্ঠীৰ মাজত সন্মান–শান্তি–সম্প্রী বজাই ৰখাৰ বাবে এবছু গঠিত হৈছিল৷’ এই গুৰুত্বপূর্ণ মন্তব্য আগবঢ়ায় এবছুৰ সভাপতিদীপেন বডোৱে৷ ভূমিপুত্র বডো জনগোষ্ঠীৰ সর্বাংগীণ বিকাশৰ লক্ষ্যৰে গঠিত নিখিল বড়ো ছাত্র সন্থাৰ ৫৩সংখ্যক বার্ষিক অধিৱেশনখন প্রথমবাৰৰ বাবে গহপুুুৰত অনুষ্ঠিত হৈছে৷ গহপুৰ মহকুমাৰ বৰপুখুৰীত কালিৰে পৰা আৰম্ভ হোৱা নিখিল বডো ছাত্র সন্থাৰ অধিৱেশনখনৰ দ্বিতীয় দিনা মুনখলুং পথাৰ উখল–মাখল হৈ পৰিছে৷

অসমৰ লগতে উত্তৰ–পূব ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অহা দর্শক প্রতিনিধিৰ উপস্থিতিত আজি পুৱা এবছুৰ পতাকা উত্তোলন কৰে এবছুৰ সভাপতি দীপেন বডোৱে৷ দুপৰীয়া ১২ বজাৰ পৰা অনুষ্ঠিত নতুন শিক্ষা নীতি আৰু দক্ষতা উন্নয়ন বিষয়ক আলোচনা–চক্রখন উদ্বোধন কৰে ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অঞ্জন কুমাৰ ওজাই৷ এবছুৰ সভাপতি দীপেন বডোৱে সঞ্চালনা কৰা আলোচনা–চক্রখনত ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্র জৈন আৰু অসম স্কীল ডেভেলপমেণ্ট মিছনৰ সঞ্চালক আনন্দ প্রকাশ তিৱাৰীয়ে আলোচক হিচাপে অংশগ্রহণ কৰে৷ অনুষ্ঠানত মেগছেছে বঁটা বিজয়ী লাডাখৰ শিক্ষাবিদ সনাম ৱাংসু আৰু ঢেকীয়াজুলিৰ বিধায়ক অশোক সিংহলে বিশিষ্ট অতিথি হিচাপে ভাষণ আগবঢ়ায়৷

উক্ত অনুষ্ঠানতে নিজৰা বডো আৰু চৰণ নার্জাৰীক সম্বর্ধনা জনোৱা হয়৷ আজি অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, বি টি আৰৰ মুখ্য কার্যবাহী প্রমোদ বড়োৱে অংশগ্রহণ কৰিব বুলি জানিব পৰা গৈছে৷

RELATED ARTICLES