peepl-small

ABP C-Voter Opinion Poll , অসমত পুনৰ NDA ৰ চৰকাৰ

PUBLISHED:

গুৱাহাটী: দেশৰ মুখ্য নির্বাচন আয়ুক্তসহ নির্বাচন আয়োগৰ প্রতিনিধি দল এটাই অসমৰ বিধানসভা নির্বাচন সন্দর্ভত বুজ ল’বলৈ ৰাজ্যত উপস্থিত হোৱাৰ সময়তে ৰাষ্ট্রীয় সংবাদ মাধ্যম এবিপি নিউজ–চি ভোটাৰে অসমকে ধৰি ৫ ৰাজ্যৰ প্রাক্নির্বাচনী সমীক্ষা প্রকাশ কৰিছে৷ এবিপি–চি ভোটাৰৰ সমীক্ষা অনুসৰি অসমত পুনৰ বিজেপি নেতৃত্বাধীন এনডিএৰ চৰকাৰ হ’ব৷ একেৰাহে তিনিবাৰ ৰাজ্য শাসন কৰা শতিকা পুৰণি কংগ্রেছ দলক ২০১৬ চনত পৰাভূত কৰি অসমত বিজেপিয়ে প্রথমবাৰৰ বাবে চৰকাৰ গঠনেৰে ইতিহাস গঢ়াৰ পাছত পুনৰ দ্বিতীয়বাৰৰ বাবে বিজেপি নেতৃত্বাধীন এনডিএ ৰাজ্যখনত চৰকাৰ গঠন কৰাৰ ইংগিত দিছে এবিপি–চি ভোটাৰে৷

প্রাক নির্বাচনী সমীক্ষা অনুসৰি ১২৬জনীয়া বিধানসভাত বিজেপি নেতৃত্বাধীন এনডিএই ৭৩–৮১খন আসন লাভ কৰিব৷ কংগ্রেছ নেতৃত্বাধীন ইউপিএই লাভ কৰিব ৩৬–৪৪, এআইইউডিএফে ৫–৯ আসন আৰু অন্যান্যই লাভ কৰিব ০–৪ আসন৷ পাঁচ বছৰীয়া শাসনকালত বিজেপি চৰকাৰৰ কাম–কাজক লৈ ৩৩ শতাংশ অতি সন্তুষ্ট, ৩৭ শতাংশ সন্তুষ্ট, ১৯ শতাংশ অসন্তুষ্ট আৰু ১১ শতাংশই চৰকাৰৰ কাম–কাজক লৈ একো মন্তব্য প্রকাশ কৰা নাই৷ তেনেদৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ কাম–কাজক লৈ ৩৫ শতাংশ অতি সন্তুষ্ট, ৩১ শতাংশ সন্তুষ্ট, ২২ শতাংশ অসন্তুষ্ট আৰু ১২ শতাংশই মন্তব্যৰ পৰা বিৰত আছে৷

ইতিমধ্যে শাসকীয় বিজেপি চৰকাৰে পৰৱর্তী বিধানসভা নির্বাচনৰ দিন ঘোষণা কৰা হোৱা নাই যদিও ৰাজ্যৰ প্রান্তে প্রান্তে নির্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে৷ সমীক্ষা অনুসৰি অহা নির্বাচনত বিজেপি নেতৃত্বাধীন এনডিএই ৪৩ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে কংগ্রেছ নেতৃত্বাধীন ইউপিএই লাভ কৰিব ৩৫ শতাংশ৷ এআইইউডিএফে ৮ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে অন্যান্য দলসমূহে লাভ কৰিব ১৪ শতাংশ৷ সমীক্ষাটোত ভোটৰ অংশ বিজেপি নেতৃত্বাধীন এনডিএই ৮ শতাংশ ইউপিএতকৈ অধিক লাভ কৰিছে৷ এনডিএ আৰু ইউপিএৰ ভোটৰ অংশ বৃদ্ধি পোৱাৰ বাবে এআইইউডিএফ আৰু অন্যান্য দলসমূহ ক্ষতিগ্রস্ত হ’ব৷ এবিপি নিউজৰ প্রাক নির্বাচনী সমীক্ষা অনুসৰি কেন্দ্রীয় চৰকাৰৰ কাম–কাজক লৈ অসমৰ ২৫ শতাংশ লোক অতি সন্তুষ্ট, ৪৩ শতাংশ লোক সন্তুষ্ট, ২০ শতাংশ অসন্তুষ্ট আৰু ১২ শতাংশই একো মন্তব্য কৰা নাই৷

আনপিনে, প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ কাম–কাজক লৈ ৩৩ শতাংশ অতি সন্তুষ্ট, ৩৭ শতাংশ সন্তুষ্ট, ১৬ শতাংশ অসন্তুষ্ট আৰু ১৪ শতাংশই মন্তব্যৰ পৰা বিৰত আছে৷ সমীক্ষা অনুসৰি ২০২১ বর্ষৰ বিধানসভা নির্বাচনত মুখ্যমন্ত্রী সোণোৱাল নেতৃত্বাধীন বিজেপিয়ে সংখ্যাগৰিষ্ঠ দল হিচাপে শাসনত পুনৰ অধিষ্ঠিত হ’ব৷ ইপিনে, চলিত বর্ষতে অনুষ্ঠিত হ’বলগীয়া পশ্চিমবংগ নির্বাচনত শাসকীয় তৃণমূল কংগ্রেছ আৰু কেন্দ্রত শাসনাধিষ্ঠিত বিজেপিৰ মাজত তীব্র প্রতিদ্বন্দ্বিতা হ’ব৷ প্রকাশিত সমীক্ষা মতে, মুখ্যমন্ত্রী মমতা বেনার্জী নেতৃত্বাধীন টিএমচিয়ে বিগত বিধানসভা নির্বাচনৰ তুলনাত আসন কমকৈ পালেও চৰকাৰ গঠনৰ মেজিক সংখ্যা অতিক্রম কৰিব পাৰিব৷ ২৯৪ আসনবিশিষ্ট বিধানসভাত টিএমচিয়ে ১৫৮ আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ১০২খন আসন লাভ কৰিব৷

উল্লেখ্য যে ২০১৬ চনত টিএমচিয়ে ২১১খন আৰু বিজেপিয়ে মাত্র ৩খন আসন লাভ কৰিছিল৷ আনপিনে, মুখ্যমন্ত্রী পিনাৰায়ি বিজয়ন নেতৃত্বাধীন এলডিএফৰ কেৰালা চৰকাৰে ইতিহাস সৃষ্টিৰে পুনৰ ক্ষমতালৈ আহিব৷ সমীক্ষা অনুযায়ী এলডিএফে ৪১.৬ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে বিৰোধী ইউডিএফে লাভ কৰিব ৩৪.৬ শতাংশ৷ চলিত বর্ষতে অনুষ্ঠিত হ’বলগীয়া আন এখন ৰাজ্য তামিলনাডুত শাসকীয় এআইডিএমকেক প্রত্যাহ্বান জনাই বিৰোধী ডিএমকেই অগ্রগতি লাভ কৰাৰ সম্ভাৱনা আছে৷ ডিএমকে নেতৃত্বাধীন সন্মিলিত গোটত কংগ্রেছকে ধৰি বিভিন্ন দল আছে৷ আনপিনে, এআইএডিএমকে নেতৃত্বাধীন এনডিএত বিজেপি আৰু আন কেইবাটাও দল আছে৷

RELATED ARTICLES