peepl-small

মাওবাদীৰ কবলৰ পৰা মুক্ত হ’ল চিআৰপিএফ জোৱান ৰাকেশ্বৰ

PUBLISHED:

গুৱাহাটীঃ ছত্তীশগড়ৰ বিজাপুৰত নিৰাপত্তা বাহিনীৰ ওপৰত কৰা আক্ৰমণৰ কালছোৱাত মাওবাদীয়ে নিজৰ কব্জাত লোৱা চিআৰপিএফৰ কোব্ৰা ইউনিটৰ জোৱানজনক মুকলি কৰি দিয়া হৈছে।

৩ এপ্ৰিলত হোৱা আক্ৰমণটোত মাওবাদীয়ে জম্মুৰ ৰাকেশ্বৰ সিং মানহাস নামৰ জোৱানজনক আবদ্ধ কৰি ৰাখিছিল।

জোৱানজনে মুক্তি লাভ কৰাত আনন্দ প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী তথা উধামপুৰৰ সাংসদ ড০ জিতেন্দ্ৰ সিঙে।
“পৰিয়াল আৰু সমগ্ৰ জম্মুৰ বাবে এয়া এক ডাঙৰ সকাহ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ধন্যবাদ।”-টুইটযোগে এনেদৰে প্ৰকাশ কৰে সিঙে।

উল্লেখ্য যে এই আক্ৰমণত নিহত হোৱা ২২জন চিআৰপিএফ বিষয়া-জোৱানৰ ভিতৰত দুই অসম সন্তানো আছিল। নক্সালবাদীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল গোৱালপাৰা জিলাৰ দুধনৈৰ বাবলু ৰাভা আৰু বৰপেটা জিলাৰ সৰুপেটা অঞ্চলৰ দিলীপ কুমাৰ দাসে।

RELATED ARTICLES