peepl-small

২৪ জুলাইত পৃথিৱীৰ কাষেৰে পাৰ হ’ব ফুটবল ষ্টেডিয়াম সম বিশাল গ্রহাণু

PUBLISHED:

গুৱাহাটী: পৃথিৱী অভিমুখে আহি আছে এখন ফুটবল ষ্টেডিয়ামৰ সম আয়তনৰ এটা গ্রহাণু৷ ২০০৮ জি অ’ ২০ হিচাপে নামকৰণ কৰা এই গ্রহাণুটো ঘণ্টাত ১৮ হাজাৰ মাইল বেগেৰে আহি আছে বুলি নাছাৰ জ্যোতির্বিজ্ঞানীয়ে সদৰী কৰিছে৷ অৱশ্যে আমেৰিকান মহাকাশ গৱেষণা সংস্থা নাছাই পৃথিৱীবাসীৰ বাবে আশংকাৰ কাৰণ নাই বুলি ঘোষণা কৰিছে৷
নাছাৰ বিজ্ঞানীসকলৰ মতে পৃথিৱীক এই গ্রহাণুটোৱে ২৪ জুলাইত অতিক্রম কৰিব৷ ই পৃথিৱীত আঘাত কৰাৰ কোনো সম্ভাৱনা নাই বুলি স্পষ্ট কৰি দিছে নাছাই৷ স্মর্তব্য যে মহাকাশ সন্দর্ভত অনুসন্ধিৎসু লোকসকলৰ বাবে গ্রহাণু এতিয়াও ৰহস্যৰ বিষয় হৈ আছে৷ পৃথিৱীৰ পৰা ৩৭,১৮,২৩২ মাইল আঁতৰেদি এই গ্রহাণুটোৱে অতিক্রম কৰিব যদিও ইয়াক পৃথিৱীৰ সমীপৱর্তী গ্রহাণু বুলি চিহ্ণিত কৰা হৈছে৷

RELATED ARTICLES