peepl-small

‘হে তৈয়াৰ হাম’ এইবাৰ হর্ছ ট্রেডিং আমি কৰিমঃ বিধায়ক কিনা–বেচাৰ বাবে সাজু মহাজোঁট আজমলৰ ঘোষণা

PUBLISHED:

গুৱাহাটী: ৰাজ্যৰ বিধানসভা নির্বাচনৰ প্রক্রিয়া শেষ হোৱাৰ তিনি দিন পাছতেই বিধায়ক কিনা–বেচাৰ প্রসংগই এতিয়া জোকাৰণি সৃষ্টি কৰিছে ৰাজ্যৰ ৰাজনীতিত৷ বিধায়ক কিনা–বেচা– ৰাজনৈতিক পৰিভাষাত যাক হর্ছ ট্রেডিং বুলি কোৱা হয়, এই হর্ছ ট্রেডিঙৰ বাবে সাজু কংগ্রেছ নেতৃত্বাধীন মহাজোঁট৷ সদ্যসমাপ্ত বিধানসভা নির্বাচনৰ ফলাফল ঘোষণালৈ ২২ দিন বাকী থকা অৱস্থাতে আজি মহাজোঁটৰ অন্যতম অংশীদাৰ এ আই ইউ ডি এফৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলৰ সদম্ভ ঘোষণা– হর্ছ ট্রেডিং আমি কৰিম৷ উল্লেখ্য যে আজি এ আই ইউ ডি এফৰ ২১জনকৈ প্রার্থীক মহাজোঁটৰ বিগ ব্রাদাৰ কংগ্রেছৰ ‘সুৰক্ষিত জিম্মা’ত ৰাখিবলৈ ৰাজস্থানৰ ৰাজধানী জয়পুৰলৈ পঠিওৱা বিষয়টোৱে ৰাজ্যৰ ৰাজনীতিত জোকাৰণি সৃষ্টি কৰাৰ সময়তে নতুন দিল্লীলৈ ৰাওনা হয় বদৰুদ্দিন আজমল৷

দিল্লী অভিমুখী আজমলক বৰঝাৰৰ লোকপ্রিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত সাংবাদিকে এই সন্দর্ভত সোধা প্রশ্ণৰ উত্তৰত তেওঁ একো নাজানো বুলি উল্লেখ কৰি কয়– এইবাৰ আমি মহাজোঁটে চৰকাৰ গঠন কৰাটো নিশ্চিত৷ লগতে আজমলৰ সংবাদ মাধ্যমৰ আগত সদম্ভ ঘোষণা– হর্ছ ট্রেডিং আমি কৰিম৷ এতিয়া ধুনীয়া ধুনীয়া বিজ্ঞাপন আহি আছে– ‘হে তৈয়াৰ হাম’৷ ৰাজ্য তথা গুৱাহাটীৰ চুকে–কোণে চিমেণ্ট কোম্পানীৰ হর্ডিঙত দিয়া টেগ লাইন– হে তৈয়াৰ হামৰ অনুসৰণত কৌশলপূর্ণভাৱে এ আই ইউ ডি এফৰ মুৰব্বীজনে যেন প্রকাশ কৰিলে ৰাজ্যৰ সদ্যসমাপ্ত বিধানসভা নির্বাচনৰ ফলাফলৰ পাছত কংগ্রেছ নেতৃত্বাধীন মহাজোঁটে চৰকাৰ গঠনৰ বাবে কৰিব বিচৰা ৰণকৌশল৷

উল্লেখ্য যে এফালে হর্ছ ট্রেডিঙৰ আশংকাত নিজৰ নেতাৰ ওপৰতে আস্থাহীন বদৰুদ্দিন আজমলে ২১জনকৈ প্রার্থীক জয়পুৰলৈ প্রেৰণ কৰাৰ বিপৰীতে আশ্রয় ল’ব বিচাৰিছে হর্ছ ট্রেডিঙৰ দৰে কিনা–বেচাৰ ৰাজনীতিৰ৷ আজমলে এই মন্তব্য প্রকাশ কৰাৰ পূর্বে তাৎপর্যপূর্ণভাৱে সাক্ষাৎ কৰে দক্ষিণ কৰিমগঞ্জৰ অগপ প্রার্থী আজিজ খানক৷ অগপ প্রার্থীজনে এ আই ইউ ডি এফৰ মুৰব্বীজনৰ বাসগৃহত উপস্থিত হৈ আলোচনাত মিলিত হোৱা বিষয়টোৱে বিশেষ তাৎপর্য বহন কৰিছে৷ এই সম্পর্কত অগপ প্রার্থী আজিজ খানে সংবাদ মাধ্যমৰ আগত প্রকাশ কৰে যে তেওঁ মছজিদত আজমলক লগ পোৱাৰ পাছতে তেওঁ এ আই ইউ ডি এফৰ মুৰব্বীজনৰ নিমন্ত্রণক্রমেই চাহ খাবৰ বাবে আজমলৰ ঘৰত উপস্থিত হৈছিল৷ বদৰুদ্দিন আজমলে আজিজ খানক মহাজোঁটত চামিল হ’বলৈ আহ্বান জনোৱা বুলিও অগপ প্রার্থীজনে স্পষ্ট কৰি দিয়ে৷ আজমলৰ এই আহ্বানৰ বিপৰীতে তেওঁ মিত্রজোঁটৰ চৰকাৰ হ’ব বুলি কোৱাৰ লগতে কোনো কাৰণতে মহাজোঁটত যোগদান নকৰে বুলি স্পষ্ট কৰি দিয়ে৷

উল্লেখ্য যে সদ্যসমাপ্ত বিধানসভা নির্বাচনত দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ পৰা অগপ প্রার্থী ৰূপে প্রতিদ্বন্দ্বিতা কৰা আজিজ খান চলিত বিধানসভাত এ আই ইউ ডি এফৰ বিধায়ক আছিল৷ তেওঁ বদৰুদ্দিন আজমলৰ অতি ঘনিষ্ঠ বুলিও সমগ্র বৰাক উপত্যকাতে পৰিচিত৷ আজমলৰ এই বিধায়কজনে দল ত্যাগ কৰি অগপৰ টিকটত নির্বাচনত অৱতীর্ণ হয় যদিও আজমলৰ সৈতে তেওঁ পূর্বৰ ঘনিষ্ঠতা থকা বুলি জানিব পৰা গৈছে৷ নির্বাচন সমাপ্ত হোৱাৰ পাছতে ফলাফলৰ পূর্বে বদৰুদ্দিন আজমল আৰু আজিজ খানৰ এই বৈঠকে এতিয়া ৰাজনৈতিক মহলত বিশেষ গুৰুত্ব লাভ কৰিছে৷ এনে বৈঠকৰ পাছতেই বিধায়ক কিনা–বেচাৰ ক্ষেত্রত বদৰুদ্দিন আজমলে আগন্তুক সময়ছোৱাত বিশেষ ভূমিকা গ্রহণ কৰিব বুলি অনুমান কৰা হৈছে৷ এইক্ষেত্রত আজমলক কংগ্রেছৰ শীর্ষ নেতৃত্বই বিশেষ দায়িত্ব প্রদান কৰা বুলিও প্রকাশ পাইছে৷ অসমৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতাৰ সৈতে আজমলৰ ব্যক্তিগত ঘনিষ্ঠতা থকাটো সর্বজনবিদিত৷ এনে অৱস্থাত মহাজোঁট চৰকাৰ গঠনৰ স্বার্থত বদৰুদ্দিন আজমলে নির্বাচনৰ ফলাফল ঘোষণাৰ পাছত হর্ছ ট্রেডিঙৰ দৰে নিকৃষ্ট ৰাজনীতিৰ আশ্রয় লোৱাৰ পূর্ণ সম্ভাৱনা প্রকট হৈ পৰিছে৷

RELATED ARTICLES