গুৱাহাটী: ৰাজ্যিক কর্কট প্রতিষ্ঠানৰ চতুর্থ বর্ষপূৰ্তি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উদযাপন কৰা হয়। তিনিদিনীয়া কাৰ্যক্রমণিকাৰে ফেব্ৰুৱাৰী ১৫ৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ উদযাপন কৰা হয় বৰ্ষপূৰ্তি। ১৫ ফেব্ৰুৱাৰীত বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা দুজন খাদ্য নলীৰ কৰ্কট ৰােগীৰ শল্য চিকিৎসা কৰা হয় আৰু কনিষ্ঠ চিকিৎসকক এই উচ্চ পৰ্যায়ৰ শল্য চিকিৎসা নিৰীক্ষণ কৰাৰ সুবিধা দিয়া হয়।
১৬ ফেব্ৰুৱাৰীৰ দিনা খাদ্যনলীৰ কৰ্কট ৰােগৰ আৰু কৰ্কট ৰােগৰ অত্যাধুনিক চিকিৎসাৰ বিষয়ত এক আলােচনাচক্র আয়ােজন কৰা হয়। পাঁচগৰাকী ৰাষ্ট্ৰীয় আৰু দহজন ৰাজ্যিক পৰ্যায়ৰ প্ৰবক্তাই এই আলােচনা চক্ৰত যােগদান কৰে আৰু ১০৫গৰাকী জনপ্রতিনিধি উপস্থিত থাকে। স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষার্থী আৰু প্ৰতিষ্ঠানৰ কনিষ্ঠ চিকিৎসকৰ মাজত এক পােষ্টাৰ নিৰ্মাণৰ প্ৰতিযােগিতাও আয়ােজন কৰা হয়।
আশালতা দেৱী স্মৰণিকা পােষ্টাৰ প্রতিযােগিতা বঁটা এই অধিবেশনৰ সময়ত আয়ােজন কৰা হয়। প্রথম তিনি স্থানপ্রাপ্ত পােষ্টাৰ নির্মাতাক নগদ ধনৰ লগতে প্রমান পত্র প্রদান কৰা হয়। প্রথম পুৰস্কাৰ প্ৰদান কৰা হয় ডাঃ প্রচ্ছাতি শৰ্মা আৰু দ্বিতীয় ডাঃ জিলি বছিং আৰু তৃতীয় পুৰস্কাৰ যুটীয়াভাৱে ডাঃ মনিছা চালভি , ডাঃ দেবাতি সাহাক প্রদান কৰা হয়।
কৰ্কট ৰােগ নিৰাময় আৰু আগতীয়া চিনাক্তকৰণৰ বাবে সজাগতা সৃষ্টিৰ কাৰণে ১৭ ফেব্ৰুৱাৰী পুৱা এক দৌৰ প্রতিযােগিতাৰ আয়ােজন কৰা হয়। এই দিনটোৰ মুখ্য আকর্ষণ হৈছে নতুন ৰেডিয়েচন অনলজি ভৱন উদ্বোধন। অসম চৰকাৰৰ মাননীয় স্বাস্থ্য মন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এই ভৱনটো উদ্বোধন কৰে আৰু এক নৱ সংযােজন হয় টম’থেৰাপি মেচিনৰ শুভ উদ্বোধনেৰে। উল্লেখযােগ্য যে টম’ থেৰাপি বিকিৰণ যন্ত্ৰটো উত্তৰ পূৰ ভাৰতত প্রথমবাৰৰ বাবে উপলব্ধ হৈছে আৰু এই উন্নতমানৰ চিকিৎসাৰে কৰ্কট ৰােগৰ অত্যাধুনিক চিকিৎসা প্রৱর্তিত হ’ব বুলি মন্তব্য কৰে মন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই অধিবেশনৰ সভাত অসমৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ সিনহা, টাটা ন্যাসৰ মুখ্য কাৰ্যবাহী বিষয়া শ্রীনাথ নৰসিংহমকে আদি কৰি বহুতাে বিশিষ্ট অতিথি উপস্থিত থাকে। বিশিষ্ট কর্কট চিকিৎসক ডাঃ তপন কুমাৰ শইকীয়াই অধিবেশন উপলক্ষে কোভিড ১৯ আৰু কৰ্কট ৰােগত কি ক্ষতি হ’ল কি ক্ষতি হৈ আছে আৰু পুনঃ উত্থানৰ পথ বিষয়ত বহুমূলীয়া ভাষণ দিয়ে।
এই অধিবেশনত প্রতিষ্ঠানৰ পৰিচালক ডাঃ বিভাস চন্দ্র গােস্বামীয়ে বার্ষিক প্রতিবেদন প্রস্তুত কৰে আৰু বছৰটোৰ বিভিন্ন কার্যক্রমণিকাৰ লগতে প্রতিষ্ঠানৰ সম্প্ৰসাৰণৰ পৰিকল্পনাও উত্থাপন কৰে।
এই অধিবেশনত প্রতিস্থানৰ অধীক্ষক ডাঃ দেবজিৎ চৌধুৰীয়ে শলাগৰ শৰাই আগবঢ়াই আৰু সন্ধিয়া ৰাজ্যিক কর্কট প্রতিষ্ঠান আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰীয়ে সাংস্কৃতিক কার্যক্রম প্রস্তুত কৰে।