peepl-small

শিক্ষা বিভাগত শীঘ্রে ২৮,৩০৪ পদত নিযুক্তি

PUBLISHED:

গুৱাহাটীঃ ৰাজ্যৰ শিক্ষাখণ্ডত অচিৰেই সম্পন্ন হ’ব বৃহৎ নিযুক্তি৷ শিক্ষা বিভাগে ২৮,৩০৪টা পদত শিক্ষক নিযুক্তিৰ বাবে ইতিমধ্যে প্রক্রিয়া আৰম্ভ কৰিছে৷ মঙলবাৰে সদনত বিধায়ক নুৰুল হুদা আৰু ৰফিকুল ইছলামৰ লিখিত প্রশ্নৰ উত্তৰত শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সদৰী কৰা অনুসৰি, বর্তমান নিম্ন প্রাথমিক বিদ্যালয়ত ৫,৭৯৯টা, উচ্চ প্রাথমিক বিদ্যালয়ত ৪,২৯২টা, মাধ্যমিক বিদ্যালয়ত ১৪,২৪৩টা আৰু উচ্চতৰ মাধ্যমিকত ১,২৫৭টা বিষয় শিক্ষকৰ পদ খালী হৈ আছে৷

প্রাথমিক পর্যায়ত খালী হৈ থকা ১০,০৯১টা শিক্ষক পদৰ ভিতৰত ৯,৮৮২টা পদৰ নিযুক্তি দিয়াৰ বাবে ইতিমধ্যে প্রকাশ কৰা বিজ্ঞাপনৰ বিপৰীতে বাছনিৰ বাবে প্রথম সাময়িক তালিকা ৱেবছাইটৰ জৰিয়তে প্রকাশ কৰা হৈছে৷ সেইদৰে প্রাথমিক শিক্ষা বিভাগৰ কার্যালয়সমূহত ৭৮টা তৃতীয়বর্গৰ পদ, ১৬১টা চতুর্থবর্গৰ পদ আৰু মুখ্য কার্যালয়ত ৩টা গাড়ীচালকৰ পদৰ নিযুক্তিৰ বাবে ইতিমধ্যে বিজ্ঞাপন প্রকাশ কৰা হৈছে আৰু পৰৱর্তী পর্যায়ৰ ব্যৱস্থা গ্রহণ কৰি থকা হৈছে৷

একেদৰে বিদ্যালয়ত খালী হৈ থকা চতুর্থবর্গৰ চকীদাৰৰ ১,১৭৭টা পদ পূৰণৰ বাবে বিত্ত বিভাগৰ অনুমোদন বিচৰা হৈছে আৰু অনুমোদনসাপেক্ষে পৰৱর্তী পর্যায়ত নিযুক্তিৰ ব্যৱস্থা গ্রহণ কৰা হ’ব৷ আনহাতে মাধ্যমিক পর্যায়ত খালী হৈ থকা ১৪,২৪৩টা পদৰ ভিতৰত ৫,৭৪৬টা পদৰ মকৰলৰ প্রক্রিয়া চলি আছে৷ বিষয় শিক্ষকৰ পদসমূহ পূৰণৰ বাবে টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ যাৱতীয় ব্যৱস্থা গ্রহণ কৰি থকা হৈছে আৰু টেট পৰীক্ষাৰ ফলাফল প্রকাশৰ পিছত বাকী পদসমূহ পূৰণ কৰা হ’ব৷

ভেঞ্চাৰ প্রাথমিক বিদ্যালয়, মাধ্যমিক বিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্রাদেশিকীকৰণৰ প্রসংগত তেওঁ কয় যে ‘দ্য আছাম ইডুকেচন (প্রভিন্সিয়েলাইজেচন অৱ ছার্ভিছেছ অৱ টিচার্ছ এণ্ড ৰি–র্গেনাইজেচন অৱ ইডুকেচনেল ইনষ্টিটিউচন্ছ) এক্ট ২০১৭’ অনুসৰি যোগ্য বিবেচিত শিক্ষানুষ্ঠানসমূহ চৰকাৰীকৰণৰ বাবে ৰাজ্যিক বাছনি কমিটীয়ে পুনৰীক্ষণৰ কাম কৰি আছে৷ পুনৰীক্ষণৰ কাম সম্পূর্ণ হোৱাৰ পিছত বিদ্যালয়সমূহ চৰকাৰীকৰণৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণ কৰা হ’ব৷ নিম্ন আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ তথ্য সংশ্লিষ্ট কর্তৃপক্ষৰ পৰা সংগ্রহ কৰি থকা হৈছে৷

ইয়াৰ বিপৰীতে তেনেধৰণৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সংখ্যা হৈছে ১,১৯২খন আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সংখ্যা হৈছে ২০৭খন৷ ইপিনে, বিধায়ক দেৱব্রত শইকীয়াৰ আন এক প্রশ্নৰ উত্তৰত মন্ত্রী ড০ শর্মাই কয় যে ড্রপ শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ বিষয়টো গুৱাহাটী উচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া চৰকাৰৰ উচ্চ ক্ষমতাসম্পন্ন কমিটীৰ বিবেচনাধীন হৈ আছে৷ হাইস্কুলৰ ঠিকাভিত্তিক শিক্ষকসকলক আৰ অ’পিসহ দৰমহা প্রদান কৰা আৰু ৬০ বছৰলৈ চাকৰিৰ সুৰক্ষা সুনিশ্চিত কৰা হৈছে৷

RELATED ARTICLES