গুৱাহাটীঃ সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষকৰ ধনৰে অসমত সমাজসেৱাৰ নাটক কৰা বদৰুদ্দিন আজমলৰ চাইনা সংযোগ এইবাৰ পোহৰলৈ আহিছে। ভাৰতৰ শত্ৰুৰাষ্ট্ৰ চীনৰ পৰাও বহু পৰিমাণৰ ধন লাভ কৰিছে আজমল ফাউণ্ডেচনে। চীনৰ উইঘোৰ প্ৰদেশৰ মুছলমান লোকসকলক আতিশয্য চলোৱাৰ বাতৰিয়ে পূথিৱী কঁপোৱা সময়তে এটা চীনা কোম্পানীৰ পৰা ধন লাভ কৰিছে আজমল ফাউণ্ডেচনে।.
নিজকে মুছলমানৰ ত্ৰাণকৰ্তা বুলি জাহিৰ কৰা বদৰুদ্দিন আজমলে কিদৰে চীন চৰকাৰৰ ধন লৈছে সেই লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। লিগেল ৰাইটছ অৱজাভেটৰী নামৰ সংগঠনটোৰ তথ্য অনুসৰি ২০১৩-২০১৪চনৰ পৰাই চীনৰ পৰা ধন লৈ আহিছে আজমল ফাউণ্ডেচনৰ মাৰ্কাজুল মাৰিফ নামৰ সংস্থাটোৱে।
Prominent Indian Muslim Politician Under Fire for Allegedly Accepting Donations From Chinese Companyhttps://t.co/U7tInmEIj4
— Legal Rights Observatory- LRO (@LegalLro) December 23, 2020