গুৱাহাটী: দুলীয়াজানৰ অধিৱেশনতে ছাত্ৰ সন্থা ত্যাগ কৰিব সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।
সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা ছাত্ৰ নেতাগৰাকীয়ে আজি শিৱসাগৰত নিজে প্ৰকাশ কৰিলে এই কথা।
আছু ত্যাগ কৰিলেও কোনে ৰাজনৈতিক দলত যোগদান নকৰে তেওঁ।
খিলঞ্জীয়াৰ স্বাৰ্থতে আজীৱন কাম কৰি যাব বুলিও প্ৰকাশ কৰে তেওঁ।
সমুজ্জ্বল ভট্টাচাৰ্যই কয়– ‘ছাত্ৰ সন্থাৰ প্ৰতিনিধি আৰু সতীৰ্থৰ অনুৰোধ মৰ্মে মই ইমানদিনে ছাত্ৰ সন্থাৰ হৈ কাম কৰি আহিছো। এটা কথা সকলোকে কৈ থওঁ যে দলীয় আৰু নিৰ্বাচনী বৃত্তৰ বাহিৰত থাকি মই অসম আৰু অসমৰ খলঞ্জীয়াৰ স্বাৰ্থত কাম কৰি যাম।‘