peepl-small

পহিলা ছেপ্টেম্বৰৰ পৰা খুলিব আন্তঃজিলা যাতায়াত

PUBLISHED:

 তিনি মাহৰো অধিক কাল বন্ধ হৈ থকা আন্তঃজিলা যাতায়াত সম্পূর্ণৰূপে পুনৰ মুকলিৰ বিষয়টো চিন্তাচর্চা কৰিছে ৰাজ্য চৰকাৰে৷ ক’ভিডৰ সংক্রমণ সম্পূর্ণ নিয়ন্ত্রণলৈ আহিলে ৰাজ্যত পুনৰ আন্তঃজিলা যাতায়াত মুকলি হোৱাৰ সম্ভাৱনা আছে৷ বুধবাৰে গোলাঘাট ভ্রমণৰ সময়ত সংবাদ মাধ্যমৰে হোৱা বার্তালাপত এই ইংগিত প্রদান কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ এই প্রসংগত সোধা প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে যেতিয়াই দৈনিক ক’ভিড আক্রান্তৰ সংখ্যা ৫০০জনৰ তললৈ হ্রাস পাব, তেতিয়াই আন্তঃজিলা যাতায়াত খুলি দিয়া হ’ব৷ তেওঁ কয়– ‘ক’ভিড আক্রান্তৰ সংখ্যা দৈনিক ৫০০জনৰ তললৈ হ্রাস পোৱালৈ আমি ৰৈ আছোঁ৷ বর্তমান ৰাজ্যত প্রতিদিনে প্রায় ৭৫০জন লোক আক্রান্ত হৈ আছে৷ দৈনিক আক্রান্তৰ সংখ্যা যিদিনাই ৫০০জনৰ তললৈ হ্রাস পাব, সেইদিনাই আমি আন্তঃজিলা যাতায়াত মুকলি কৰি দিম৷

Also Read: মুখ্যমন্ত্ৰী হিচাপে প্ৰথমবাৰলৈ স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি কি ক’লে মুখ্যমন্ত্ৰী ড০ শৰ্মাই

অৱশ্যে অহা ১ ছেপ্টেম্বৰত দৈনিক আক্রান্তৰ হাৰ যদিহে ৭০০জনো হৈ থাকে, তথাপি আন্তঃজিলা যাতায়াত মুকলি কৰাৰ বাবে আমি চেষ্টা কৰিম৷’ ইপিনে অহা ১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত ক’ভিড বিধি অধিক শিথিল হোৱাৰ ইংগিত প্রদান কৰি মুখ্যমন্ত্রীগৰাকীয়ে দূৰণিবটীয়া বাহনসমূহৰ চলাচলৰ কেতিয়া অনুমতি প্রদান কৰা হ’ব, সেই সন্দর্ভত কয় যে কোনো কাৰণতে অহা ২০ আগষ্টৰ ভিতৰত দীঘলীয়া যাত্রাৰ ৰাজহুৱা বাছ চলাচলত শিথিলতা আনিব নোৱাৰি৷ বর্তমান গুৱাহাটীত দৈনিক ২০০ৰো অধিক লোক ক’ভিডত আক্রান্ত হৈ আছে৷ ইফালে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত পুনৰ নিয়মীয়া পাঠদান আৰম্ভ হোৱাৰ প্রসংগতো প্রতিক্রিয়া প্রকাশ কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷

Also Read: স্বাধীনতা দিৱসত সশস্ত্র প্রতিবাদ–বন্ধৰ পৰা বিৰত আলফা (স্বাঃ)

এই সন্দর্ভত তেওঁ কয়– ‘স্নাতকৰ চূড়ান্ত বর্ষ, স্নাতকোত্তৰৰ চূড়ান্ত বর্ষ, উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বর্ষ আৰু দশম শ্রেণীৰ পাঠদান নিয়মীয়াকৈ ১ ছেপ্ঢেম্বৰৰ পৰা আৰম্ভ কৰাৰ কথা আমি চিন্তাচর্চা কৰিছোঁ৷ দ্বাদশ শ্রেণীত অধ্যয়নৰত ১৮ বছৰ ঊর্ধ্বৰ শিক্ষার্থী, স্নাতক আৰু স্নাতকোত্তৰৰ চূড়ান্ত বর্ষৰ শিক্ষার্থীসকলক ভেকচিন ল’বলৈ আমি আহ্বান জনাইছোঁ৷ কিয়নো হোষ্টেলত থাকিবলৈ ভেকচিন লোৱাটো বাধ্যতামূলক৷ হোষ্টেলত থাকিবলৈ হ’লে শিক্ষার্থীসকলে এটা হ’লেও ভেকচিন ড’জ ল’ব লাগিব৷ ভেকচিন লোৱাসকলহে হোষ্টেলত থাকিব পাৰিব৷ সেয়েহে ১৮ বছৰ ঊর্ধ্বৰ শিক্ষার্থীসকলক ভেকচিন ল’বলৈ আহ্বান জনাইছোঁ, যাতে কলেজসমূহ খুলিব পৰা অৱস্থালৈ আহে৷’ উল্লেখ্য যে কেইবাটাও কার্যসূচীৰে আজি গোলাঘাট জিলা ভ্রমণ কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷ জিলাখনৰ ক’ভিড পৰিস্থিতিৰ বুজ লোৱাৰ লগতে আঠখেলীয়া নামঘৰত আশিস গ্রহণ কৰে মুখ্যমন্ত্রীগৰাকীয়ে৷

Also Read: অসম–নাগালেণ্ড সীমান্তত সশস্ত্র এনএছচিএনৰ সন্ত্রাসঃ চেলেংহাট–গোসাঁইবাৰীত চাহ বাগিচাৰ শ্রমিকক অপহৰণ
Also Read: নতুন SOP: আন্তঃজিলা যাতায়াতত কিছু শিথিলতা, চাওক SOP ৰ A to Z

RELATED ARTICLES