peepl-small

স্বাধীনতা দিৱসত সশস্ত্র প্রতিবাদ–বন্ধৰ পৰা বিৰত আলফা (স্বাঃ)

PUBLISHED:

 চৰকাৰ–আলফা (স্বাধীন)ৰ সম্ভাব্য শান্তি আলোচনাক লৈ ব্যাপক চর্চা অব্যাহত থকাৰ মাজতে আন এক ইতিবাচক খবৰ৷ সম্প্রতি একপক্ষীয় যুদ্ধবিৰতিত থকা আলফা (স্বাধীন)–এ দেশৰ ৭৫সংখ্যক স্বাধীনতা দিৱসত সশস্ত্র প্রতিবাদ কৰাৰ পৰা বিৰত থকাৰ লগতে কোনোধৰণৰ বন্ধ ঘোষণা কৰা নাই৷ আলফাৰ জন্ম তথা পৰৱর্তী সময়ত বিভাজিত হৈ আলফা (স্বাধীন)ৰ আত্মপ্রকাশ ঘটাৰ এই সুদীর্ঘ ৪২ বছৰৰ ভিতৰত প্রথমবাৰৰ বাবে সশস্ত্র সংগঠনটোৱে এনে সিদ্ধান্ত গ্রহণ কৰিছে৷ অৱশ্যে স্বাধীনতা দিৱসৰ দিনটোত ক’ভিড–১৯ৰ নীতি–নিয়ম সম্পূর্ণৰূপে মানি চলি আলফা (স্বাধীন)ৰ পতাকা প্রদর্শন, ক’লা বেজ পৰিধান তথা ক’লা পতাকা উৰুৱাই প্রতিবাদ সাব্যস্ত কৰিবলৈ জনসাধাৰণক আহ্বান জনোৱা হৈছে৷

 কাকতলৈ প্রেৰণ কৰা এক ই–মেইলত সশস্ত্র সংগঠনটোৰ প্রচাৰ বিভাগৰ সদস্য কেপ্ঢেইন ৰুমেল অসমে এই সন্দর্ভত কয়– ‘বর্তমান সমগ্র বিশ্বতে ক’ভিড–১৯ মহামাৰীসৃষ্ট সামাজিক পৰিস্থিতিৰ লগতে পশ্চিম–দক্ষিণ–পূব এছিয়া অঞ্চলৰ মাজত দেখা দিয়া সীমা সমস্যা, বান–গৰাখহনীয়া, নিবনুৱাৰ দৰে এশ এবুৰি সমস্যাই প্রতিজন থলগিৰিক জলাকলা খুওৱাৰ পৰিপ্রেক্ষিতত আলফা (স্বাধীন)–এ এইবাৰ ঔপনিৱেশিক ভাৰতৰ ভুৱা স্বাধীনতা দিৱসৰ সশস্ত্র প্রতিবাদ কৰাৰ পৰা বিৰত থকাৰ লগতে কোনোধৰণৰ বন্ধ ঘোষণা কৰা নাই৷ কিন্তু উক্ত দিনটোত ক’ভিড–১৯ৰ নীতি–নিয়ম সম্পূর্ণৰূপে মানি চলি আলফা (স্বাধীন)ৰ পতাকা প্রদর্শন কৰা, ক’লা বেজ পৰিধান তথা ক’লা পতাকা উৰুৱাই ৰাষ্ট্রযন্ত্রৰ যিকোনো কার্যসূচীত বিৰোধিতা কৰি গণতান্ত্রিকভাৱে প্রতিবাদ সাব্যস্ত কৰিবলৈ সমূহ থলগিৰি সংগ্রামী জনগণক আহ্বান জনালোঁ৷’ চৰকাৰৰে শান্তি আলোচনা সন্দর্ভতো আলফা (স্বাধীন)–এ নিজৰ স্থিতি দোহাৰিছে৷

এই সন্দর্ভত ই–মেইলটোত উল্লেখ কৰা হৈছে এইদৰে– ‘সার্বভৌম স্বাধীন অসমৰ ন্যায্যপ্রাপ্তিৰ ওপৰতে নির্ভৰ কৰিছে অসম–ভাৰত সংঘাতৰ ফলপ্রসূ সমাধান সূত্র, এই অঞ্চলৰ শান্তি আৰু সুস্থিৰতা৷ এই সংঘাতৰ গূঢ়ার্থ অসমৰ গৰিমামণ্ডিত বুৰঞ্জীৰ ওপৰত ভৰ দিহে ভাৰত ৰাষ্ট্রই সঁচা আন্তৰিকতাৰে মর্যাদাপূর্ণ সন্মান জনাব লাগিব৷ অন্যথা স্বকীয় বৈশিষ্ট্যৰে পৰিপূর্ণ আৰু আজিও স্বাধীন ভূ–খণ্ডৰ অধিকাৰী হিচাপে সোণোৱালী গৌৰৱোজ্জ্বল অতীতে ৰিঙিয়াই থকা জাতিৰ শেষৰজন থলগিৰি থকালৈকে পৰাধীনতাক কেতিয়াও মানি নলয়৷ ব্রিটিছ আগমনৰ প্রাক্কালত অসমৰ শাসকবর্গৰ আভ্যন্তৰীণ সংঘাত আৰু পৰৱর্তী ভাৰতৰ ঔপনিৱেশ হিচাপে চিহ্ণিত হোৱা কালছোৱাৰে পৰা অদূৰদর্শী ৰাজনৈতিক নেতৃত্বৰ দুর্বলতাৰ পূর্ণ সুযোগ লৈ আজি পর্যন্ত অসম ভাৰত ভূখণ্ডৰ অধীনস্থ হৈ থাকিব লগাত পৰিছে৷ যিটো অসমৰ জাতীয় জীৱনৰ বাবে চৰম অপমানজনক৷ আমাৰ সংগঠন আলোচনাবিৰোধী অথবা যুদ্ধবাজ নহয়৷ কিন্তু আলোচনাৰ নামত ঐতিহাসিক সত্যক উলাই কৰি পতিত কিম্বা সংগঠনৰ নীতিগত লক্ষ্য–উদ্দেশ্যৰ পৰা বিচলিত হোৱাটো কেতিয়াও সম্ভৱ নহয়৷ ভাৰতীয় শাসকবর্গই আলফা (স্বাধীন)ৰ লগতে সার্বভৌমত্ব সন্দর্ভত আলোচনা কৰাটো অসম্ভৱ বুলি বিভিন্ন সময়ত মন্তব্য কৰি আহিছে৷ কিন্তু আমাৰ দৃষ্টিত ই কোনো অসম্ভৱ বিষয় নহয়৷ কিয়নো ঔপনিৱেশিক ভাৰত ৰাষ্ট্রই প্রয়োজনত এতিয়ালৈকে এশ চাৰিবাৰ সংবিধান সংশোধন কৰিছে কিন্তু আলফা (স্বাধীন)ৰ লগত কথা পাতিবলৈ সংবিধান সংশোধন কৰিব নোৱাৰাৰ যুক্তি কি? সংবিধান বা আইন–কানুন মানুহৰ দ্বাৰা জনগণৰ হিতৰ বাবেই ৰচনা কৰা হয়৷ গতিকে ইয়াক সলনি কৰিব নোৱাৰাৰ কোনো কাৰণ নাই৷ মাথোঁ দখলদাৰী ভাৰতীয়সকলে উত্তৰাধিকাৰী সূত্রে অসমক চিৰদিন নিজৰ দখলত ৰাখিব বিচৰা ধৰণৰ মানসিকতা পৰিহাৰ কৰিব লাগিব৷ যদি ঔপনিৱেশিক ভাৰত ৰাষ্ট্রই আলোচনা বিচাৰে, তেতিয়াহ’লে বর্তমানৰ সংবিধান সংশোধনৰ জৰিয়তে জাতিসমূহৰ বিলগ্ণতাৰ অধিকাৰক স্বীকৃতি প্রদান নতুবা প্রকৃত থলগিৰি জনগণৰ সম্পূর্ণ অংশগ্রহণেৰে গণভোটৰ আয়োজন কৰি সঁচা গণতন্ত্রৰ ব্যৱহাৰিক প্রয়োগেৰে বাস্তৱমুখী নিদর্শন দাঙি ধৰক৷ কিয়নো গণতন্ত্রত জনগণেই প্রকৃত ক্ষমতাৰ উৎস, নিজৰ ভাগ্য নিয়ন্তা৷’

RELATED ARTICLES