peepl-small

চুবুৰীয়া ৰাজ্যৰে সীমা বিবাদঃ আজি অসমৰ বিজেপি সাংসদসহ প্রধানমন্ত্রীক সাক্ষাৎ কৰিব ড০ শর্মাই

PUBLISHED:

ৰাজ্যৰ বিজেপি সাংসদসকলক লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কাইলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰিব৷ মূলতঃ অসম–মিজোৰাম সীমা বিবাদক কেন্দ্র কৰি উদ্ভৱ হোৱা পৰিস্থিতিক লৈ মুখ্যমন্ত্রী ড০ শর্মাই প্রধানমন্ত্রী মোদীক সাক্ষাৎ কৰিব বুলি মুখ্যমন্ত্রীৰ কার্যালয় সূত্রত জানিব পৰা গৈছে৷ কাইলৈ পুৱা ১১.৩০ বজাত সংসদ ভৱনস্থিত প্রধানমন্ত্রীৰ কার্যালয়ত মুখ্যমন্ত্রী ড০ শর্মাই সাংসদসকলৰ সৈতে মোদীক সাক্ষাৎ কৰাৰ কথা৷

উল্লেখ্য যে অসম–মিজোৰামকে ধৰি চুবুৰীয়া ৰাজ্য নাগালেণ্ড, মেঘালয় আৰু অৰুণাচল প্রদেশৰ সৈতে থকা সীমা বিবাদৰ প্রসংগও মুখ্যমন্ত্রী ড০ শর্মাই প্রধানমন্ত্রী মোদীৰ সন্মুখত উত্থাপন কৰিব বুলি জানিব পৰা গৈছে৷ মন কৰিবলগীয়া যে আন্তঃৰাজ্যিক সীমা বিবাদক লৈ প্রধানমন্ত্রী মোদীৰ উপৰি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰিবলৈ মুখ্যমন্ত্রী ড০ শর্মাই কালি বিয়লিৰ ভাগত দিল্লী আহি পাইছিল৷

শনিবাৰে দিল্লীৰ বসন্তকুঞ্জত থকা নিজা বাসভৱনত নিশা যাপন কৰাৰ পাছত দেওবাৰে পুৱাৰ ভাগত অসম হাউছত আহি পায় মুখ্যমন্ত্রী ড০ শর্মাই৷ অসম হাউছত মুখ্যমন্ত্রী ড০ শর্মাই ৰাজ্যৰ বিজেপি সাংসদসকলৰ সৈতে কেইবাঘণ্টা ধৰি আলোচনাত মিলিত হয়৷ দলৰ সাংসদ তথা ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, পল্লৱলোচন দাস, তপন গগৈ, কুইন ওজা আৰু ৰাজ্যসভাৰ সাংসদ কামাখ্যাপ্রসাদ তাছাক আছাম হাউছত থকা মুখ্যমন্ত্রীৰ কোঠাত প্রৱেশ কৰা পৰিলক্ষিত হৈছিল৷ জানিব পৰা মতে, আজি প্রধানমন্ত্রী মোদীৰ উপৰি গৃহমন্ত্রী অমিত শ্বাহৰ সৈতেও মুখ্যমন্ত্রী ড০ শর্মাই বৈঠকত মিলিত হ’ব৷ তদুপৰি আন কেইবাজনো কেন্দ্রীয় মন্ত্রীক মুখ্যমন্ত্রী ড০ শর্মাই সাক্ষাৎ কৰাৰ কথা৷

RELATED ARTICLES