peepl-small

হৃদৰোগীক বাংগালুৰুত চিকিৎসাৰ ব্যৱস্থা সুশান্ত বিশ্ব শর্মাৰ

PUBLISHED:

গুৱাহাটী: খাকীৰ সাজত তেওঁ এগৰাকী দক্ষ আৰক্ষী বিষয়া৷ কিন্তু, খাকীৰ আঁৰতো লুকাই আছে গভীৰ মানৱীয় অনুভূতি৷ এনে অনুভূতিৰ বাবেঅ বিগত ১৫ দিনত দৰঙৰ আৰক্ষী অধীক্ষকৰ কার্যালয়ত হুকেইগৰাকী জটিল ৰোগাক্রান্তই লাভ কৰিছে নিৰাশাৰ মাজতো আশা৷ আনকি এগৰাকী ৰ টংলাৰ ক্তিয়ে ভগৱানৰ সাক্ষাৎ কৰিলোঁ লি গভীৰ আত্মতুষ্টি লাভ কৰা লি প্রকাশ কৰিলে৷ দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শর্মাক এনে আর্শীবাদেৰে ওপচাই দিয়াৰ জীয়া সাক্ষী হৈ ৰ’ল বিজেপিৰ কার্যকর্তা সন্তদেৱ গোস্বামী৷

লক্ষণীয় যে ৰ টংলাৰ মাধৱ ৰায় নামৰ সাধাৰণ লোকজনৰ ২ মাহমান পূৰ্বে হূদজনিত ৰোগ চিনাক্ত হৈছিল৷ ৰায়ৰ পত্নীসহ প্রায় ৮ ছৰীয়া সন্তান এটিৰে চলি থকা সুখৰ সংসাৰত এই ৰোগে সকলোকে উদ্বিগ্ণ কৰি তোলে৷ ক’ভিডৰ বাবে কোনো কাম কৰ্বি নোৱৰা ৰায়ে মুখ্যমন্ত্রীৰ সাহায্য পুঁজিৰ পৰা অনুদান বিচাৰি এখন আেবদন দাখিল কৰে৷ মুখ্যমন্ত্রীৰ সাহায্য পুঁজিৰ পৰা কিছুদিন পূৰ্বে ৰায়ক ২৫ হাজাৰ টকাৰ চেক এখন প্রদান কৰা হয়৷ লগে লগে ৰায়ে গুৱাহাটীৰ চিকিৎসকক অস্ত্রোপচাৰৰ বাবে দেখুৱায়৷

কিন্তু গুৱাহাটীত চিকিৎসকে ৰায়ৰ হৃদযন্ত্রৰ দুয়োটা ভালভত কিছু ডাঙৰ দুটাকৈ ফুটা ধৰা পেলায় আৰু গুৱাহাটীৰ পৰিৱর্তে বাংগালুৰুত অস্ত্রোপচাৰ কৰ্বি লাগ্বি লি প্রকাশ কৰে৷ এই সংবাদ পাই ৰায় শংকিত হৈ পৰে আৰু অর্থৰ অভাৱতে মৃত্যু সন্নিকট লি নিজ ঘৰলৈ উভতি আহে৷ টংলাৰ গৃহত কিছুদিন চিন্তা–ভাবনা কৰি কালি দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শর্মাৰ ওচৰ চাপে৷ পত্নীসহ ৰায় আৰক্ষী অধীক্ষকৰ কার্যালয়ত উপস্থিত হৈ বিষয়টো অৱগত কৰোৱাৰ পিছত কিছু সময় টলকা মাৰি বাংগালুৰুলৈ যোৱাৰ ৪টা উৰাজাহাজৰ টিকট ক কৰি দিয়ে৷

তদুপৰি অস্ত্রোপচাৰৰ বাবে যাৱতীয় ধন কম সময়ৰ ভিতৰত ৰায়ৰ একাউণ্টত জমা দ্বি লি পৰিয়ালটোক অৱগত কৰায়৷ অধীক্ষক শর্মাৰ এই সহায়ৰ বিষয়ে নিজকাণে শুনাৰ পিছতে দম্পতীটোৰ চকুৰে বৈ আহে চকুলো৷ ৰায় দম্পতীয়ে ভগৱানৰ সাক্ষাৎ লাভ কৰা লি শর্মাৰ সমুখতে কান্দি কান্দি অনুভৱ ব্যক্ত কৰে৷ এই সমগ্র ঘটনাৰ মূক সাক্ষী হৈ ৰয়, সেই সময়ত অধীক্ষকৰ কোঠাতে থকা বিজেপিৰ কার্যকর্তা সন্ত গোস্বামী৷ পিছলৈ সন্তই ছ’চিয়েল মিডিয়াত বিষয়টো সদৰী কৰে৷ লগে লগে শ শ লোকে প্রশংসাৰে ওপচাই দিয়ে৷ তাৎপর্যপূর্ণ যে কিছুদিন পূৰ্বে ডিমাকুছিৰ এটি ৮ ছৰীয়া শিশুৰ জটিল ৰোগৰ চিকিৎসাৰ বাবেও অধীক্ষক শর্মাই যাতায়াতৰ টিকটসহ সাহায্যৰ দিহা কৰিছিল৷ ইয়াৰ বাদেও স্থানীয় কেইবাজনকো চিকিৎসাৰ বাবে উপার্জিত ধন নিৰন্তৰ দান কৰি আহিছে৷ মানৱীয় কৰুণাৰে এনেদৰে সহায় কৰি অন্য এক ভাবমূর্তি গঢ়ি তুলিছে আৰক্ষী বিষয়া সুশান্ত বিশ্ব শর্মাই৷

RELATED ARTICLES