গুৱাহাটীঃ বৃহস্পতিবাৰৰ ভিতৰত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মূল্যাংকন পদ্ধতিৰ সবিশেষ।
এই কথা প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে।
ইতিমধ্যে এই সম্পৰ্কে গঠন কৰা সমিতি দুখনে দাখিল কৰিছে প্ৰতিবেদন।
পৰীক্ষাৰ মূল্যাংকন সন্দৰ্ভত বুধবাৰে সন্ধিয়াৰ ভিতৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।
PUBLISHED: