গুৱাহাটীঃ অসম আৰক্ষীৰ সকলো সশস্ত্ৰ বাহিনীৰ কনিষ্টবল আৰু উপ-পৰিদৰ্শকসকলে বছৰি বাধ্যতামূলক এমাহৰ ছুটী লাভ কৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বুধবাৰে অনুষ্ঠিত কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
যিসকল কনিষ্টবল, পৰিদৰ্শকে পৰিয়ালৰ সৈতে থাকি কৰ্তব্য সমাপন কৰে তেওঁলোকে বছৰি এসপ্তাহৰ ছুটী পাব।