peepl-small

এইবাৰ মহাজোঁটৰ সংগ এৰিব বিপিএফে

PUBLISHED:

গুৱাহাটীঃ  সদ্যসমাপ্ত বিধানসভা নির্বাচনত চৰম বিপর্যয়ৰ পাছতেই কংগ্রেছত খহনীয়া চলি থকাৰ সময়তে দলটোৰ বাবে আন এক মোক্ষম আঘাত৷ কংগ্রেছৰ নেতৃত্বত গঠিত মহাজোঁটৰ পৰা এইবাৰ ওলাই আহিবলৈ একপ্রকাৰ সাজু হৈছে বি পি এফ দল৷ বি পি এফৰ উপ–সভাপতি তথা প্রাক্তন মন্ত্রী ৰিহণ দৈমাৰীয়ে আজি সংবাদ মাধ্যমৰ আগত এই ইংগিত দিয়ে৷ দলটোৰ জ্যেষ্ঠ নেতাগৰাকীৰ মতে, যোৱা বিধানসভা নির্বাচনত বি পি এফ দলে মহাজোঁটৰ লগত থাকি ডাঙৰ ভুল কৰিলে৷ অৱশ্যে পূর্বৰে পৰাই তেওঁ মহাজোঁটৰ অংশীদাৰ হোৱাৰ বিৰোধী আছিল বুলি উল্লেখ কৰি কয় যে দলৰ ক’ৰ কমিটীৰ বৈঠকত বি পি এফ মহাজোঁটৰ অংশীদাৰ হোৱাৰ বিৰোধিতা কৰিছিল৷ দলটো মহাজোঁটৰ অংশীদাৰ হ’লে ব্যক্তিগতভাৱে তেওঁৰ ক্ষতি হ’ব বুলি প্রকাশ কৰিছিল৷ ওদালগুৰিৰ জনসাধাৰণেও বি পি এফ দল মহাজোঁটৰ অংশীদাৰ হোৱাটো বিচৰা নাছিল৷

বিবেকে নিবিচৰা সত্ত্বেও দলীয় সিদ্ধান্ত অনুসৰি তেওঁ মহাজোঁটত থাকি নির্বাচনত অৱতীর্ণ হয়৷ তাৰ বাবেই তেওঁ নির্বাচনত পৰাজয়বৰণ কৰে৷ মহাজোঁটত নথকা হ’লে বিপিএফে এইবাৰ কমেও ৮টা সমষ্টিত জয়লাভ কৰিলেহেঁতেন৷ প্রাক্তন মন্ত্রী দৈমাৰীয়ে কয় যে বি পি এফ দল হিচাপে এতিয়া মহাজোঁটত থকাটো তেওঁ বিচৰা নাই৷ মহাজোঁটৰ পৰা বি পি এফ আঁতৰি আহিব লাগে৷ তামুলপুৰ, গোসাঁইগাঁৱৰ উপ–নির্বাচনতো বি পি এফে মহাজোঁটত থকাৰ পৰিৱর্তে নিজাববীয়াকৈ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব লাগে৷ বি পি এফ মহাজোঁটত থাকিলে তেওঁ নাথাকে বুলিও তাৎপর্যপূর্ণ মন্তব্য কৰে৷

এই প্রসংগতে তেওঁ বি পি এফ মহাজোঁটৰ পৰিৱর্তে বিজেপিৰে অংশীদাৰ হোৱাৰ পোষকতা কৰি কয় যে বিটিচি চুক্তি স্বাক্ষৰৰ পাছত চুক্তিখন ৰূপায়ণৰ লগতে বিটিচি অঞ্চলৰ সামগ্রিক উন্নয়নৰ বাবে বি পি এফ দল গঠন কৰা হৈছিল৷ বিটিচি অঞ্চলৰ উন্নয়নৰ স্বার্থত যি দলে চৰকাৰ কৰিছে, তাৰ লগত থকাটো ভাল হ’ব বুলি ভাবোঁ৷ ব্যক্তিগতভাৱে চৰকাৰৰ লগত বি পি এফ দল থকাটো বিচাৰিছোঁ৷ মন কৰিবলগীয়া এয়ে যে বিধানসভা নির্বাচনৰ ফলাফল ঘোষণাৰ পাছৰে পৰাই বি পি এফ একপ্রকাৰ কংগ্রেছ আৰু মহাজোঁটৰ পৰা আঁতৰি আছে৷ কেইদিনমান পূর্বে নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক তথা প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিং আৰু প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই ‘জুম’ বৈঠকযোগে মহাজোঁটৰ অংশীদাৰ দলসমূহৰ সৈতে নির্বাচনী পর্যালোচনা বৈঠক অনুষ্ঠিত কৰে যদিও সেই বৈঠকত বি পি এফৰ কোনো প্রতিনিধিয়ে অংশগ্রহণ নকৰিলে৷ সেইদৰে কালি গুৱাহাটীত মহাজোঁটে আয়োজন কৰা সংবাদ মেলতো বি পি এফৰ কোনো প্রতিনিধি উপস্থিত নাছিল৷

RELATED ARTICLES