গুৱাহাটীঃ ৰাজ্যৰ বহু লোক আৰু প্ৰতিষ্ঠানে চুৰি কৰে বিদ্যুৎ। ইয়াৰ মাজত একাংশ ‘high-valued’ বিদ্যুৎ গ্ৰাহকো আছে। এই মন্তব্য শক্তিমন্ত্ৰী বিমল বৰাৰ।
দায়িত্ব গ্ৰহণ কৰিয়েই বিভাগটোৰ সংস্কাৰ সাধন কৰিবলৈ সক্ৰিয় হৈ পৰা বৰাই জনায় যে ৰাজ্যত ১৩ হাজাৰতকৈ অধিক ‘high-valued’ গ্ৰাহক আছে। তেনে উপভোক্তাই বিভাগটোলৈ ৫৮ শতাংশ ৰাজহৰে অৰিহণা আগবঢ়ায়।
“মই সকলোকে কোৱা নাই। কিন্তু একাংশ ‘high-valued’ গ্ৰাহকে বিদ্যুৎ চুৰি কামটো কৰে।” — মন্ত্ৰী বৰাই শুকুৰবাৰে এক সংবাদমেলত এনেদৰে প্ৰকাশ কৰে।
তেনে লোক তথা প্ৰতিষ্ঠানসমূহক এনে আইনবিৰুদ্ধ কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় বৰাই।