peepl-small

পাথৰকোৱেৰী–মেগজিন সংযোগী পথৰ দুৰৱস্থা

PUBLISHED:

গুৱাহাটী: গুৱাহাটী মহানগৰীৰ এটা অতি পুৰণি তথা ব্যস্ততম পথ, যিটো পথত কেইবাদশক ধৰি সুদৃষ্টি পৰা নাই কোনো জনপ্রতিনিধিৰ৷ ফলত জৰাজীর্ণ পথটোৱেই উপায়হীনভাৱে অঞ্চলটোৰ সহস্রাধিক লোক চলাচল কৰি থাকিবলগীয়া হৈছে৷ এই পথটো হৈছে পূব গুৱাহাটী অঞ্চলৰ পাথৰকোঁৱৰী–মেগজি সংযোগী পথ৷

উল্লেখ্য যে ষাঠিৰ দশকতে এক নির্দিষ্ট কামৰ বাবে অর্থাৎ বর্তমানৰ ভি আই পি পথ নির্মাণৰ পূর্বে নির্মাণ কৰিছিল এই ভিতৰুৱা পথটো৷ স্থানীয় ৰাইজে জানিব দিয়া মতে ব’ল্ডাৰ শিলৰ গুড়িৰে নির্মাণ কৰা পথটো নির্দিষ্ট কাম চলি থকালৈ ঠিকে থাকিল যদিও তাৰ পাছৰ পৰা জৰাজীর্ণ হৈ পৰে৷ আনকি তাৰ পাছত পথটো মেৰামতি বা পুনৰ নির্মাণৰ বাবে সংশ্লিষ্ট বিভাগ অথবা কোনো এজন জনপ্রতিনিধিয়ে পদক্ষেপ গ্রহণ নকৰিলে৷ যাৰ ফলত তেতিয়াৰ পৰা দশক দশক ধৰি অৱহেলিত হৈ থকাত বর্তমান পথটোৰ অৱস্থা শোচনীয় হৈ পৰিছে৷

সম্প্রতি পথটো ইমানেই জৰাজীর্ণ হৈ পৰিছে যে খৰালি–বাৰিষা সর্বকালতে চলাচলৰ বাবে অনুপযোগী হৈ উঠিছে৷ স্থানীয় ৰাইজে জানিব দিয়া মতে দীর্ঘবছৰ ধৰি পথটো মেৰামতি নকৰা বাবে প্রায় দুই কিঃমিঃ দৈর্ঘ্যৰ পথছোৱাত সৃষ্টি হৈছে অজস্র গাঁত৷ আনহাতে, বাৰিষা অহাৰ লগে লগে এই গাঁতসমূহ হৈ পৰে একো একোটা পুখুৰীসদৃশ৷ ফলত গোটেই বছৰটোৱেই একপ্রকাৰ যাতায়াতৰ অনুপযোগী হৈ থাকে বর্তমানৰ অতি ব্যস্ত পথটো৷ সহস্রাধিক পৰিয়ালৰ লোকে ব্যৱহাৰ কৰা পথটো মেৰামতিৰ বাবে অঞ্চলবাসীয়ে স্থানীয় বিধায়ক, সাংসদ, মন্ত্রী, পৌৰ নিগম কর্তৃপক্ষক বাৰম্বাৰ অনুৰোধ জনাই আহিছে যদিও আশ্চর্যকৰভাৱে কোনো এগৰাকী জনপ্রতিনিধি অথবা নির্দিষ্ট বিভাগে মেৰামতিৰ ব্যৱস্থা গ্রহণ কৰা নাই৷ উল্লেখ্য যে এই পথটোতে আছে বিশিষ্ট সমাজকর্মী শুচিব্রতা ৰায়চৌধুৰীৰ প্রচেষ্টাত স্থাপন হোৱা ‘আমাৰ ঘৰ’ নামৰ বৃদ্ধাশ্রমখন৷

RELATED ARTICLES