প্ৰশাসনীয় সংস্কাৰৰ ক্ষেত্ৰত আজিৰ কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।
কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি, ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি আৰু দীনদয়াল দিব্যাংগ যোজনাৰ বাবে বিত্তীয় অনুমোদন বিচাৰি বিত্ত বিভাগলৈ এতিয়াৰে পৰা কোনো ফাইল প্ৰেৰণ কৰাৰ প্ৰয়োজন নাথাকিব। সংশ্লিষ্ট বিভাগৰ জ্যেষ্ঠতম সচিবগৰাকীয়ে নিজাববীয়াকৈ এই ধন হিতাধিকাৰীক মোকলাই দিব পাৰিব। তদুপৰি এই আঁচনি তিনিখনৰ হিতাধিকাৰীয়ে এতিয়াৰে পৰা প্ৰতিমাহৰ ১০ তাৰিখে বেংক একাউণ্টযোগে প্ৰাপ্য ধন লাভ কৰিব।
আজিৰে পৰা বড়োলেণ্ড কল্যাণ বিভাগ নামেৰে এটা সুকীয়া বিভাগ সৃষ্টি কৰাত কেবিনেটে অনুমোদন জনায়। পূৰ্বতে এই বিভাগ সংক্ৰান্তীয় কাম-কাজ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ অধীনস্থ আছিল।
কোকৰাঝাৰত বড়োলেণ্ড প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় স্থাপন কৰা হ’ব। এই কাম তৎকালীনভাৱে আৰম্ভ কৰিবলৈ আৰু চৰকাৰী ভৱন নাথাকিলে প্ৰয়োজন সাপেক্ষে ভাৰাঘৰৰ পৰাই এই মহাবিদ্যালয়ৰ কাম-কাজ আৰম্ভ কৰিবলৈ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে।